কলিয়াবৰ মহকুমা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি: উৰুকাত কাজিৰঙাত মৎস্য চিকাৰ নিষিদ্ধ...

কলিয়াবৰ মহকুমা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি: উৰুকাত কাজিৰঙাত মৎস্য চিকাৰ নিষিদ্ধ...

author-image
Asomiya Pratidin
New Update
কলিয়াবৰ মহকুমা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি: উৰুকাত কাজিৰঙাত মৎস্য চিকাৰ নিষিদ্ধ...

কলিয়াবৰ মহকুমা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি: উৰুকাত কাজিৰঙাত মৎস্য চিকাৰ নিষিদ্ধ...

ডিজিটেল সংবাদ কলিয়াবৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল¸জলাশয়ত উৰুকাত মৎস্য চিকাৰ নিষিদ্ধ কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ এই ক্ষেত্ৰত কঠোৰ নীতি প্ৰদৰ্শন কৰা মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা l

Advertisment

বৃহস্পতিবাৰে প্ৰদান কৰা নিৰ্দেশ অনুসৰি প্ৰশাসনে বিল¸জলাশয়ৰ আশে-পাশে নিৰ্ধাৰিত এলেকাত পাঁচজন বা তাতকৈ অধিক লোকৰ একত্ৰিত হোৱাটো কঠোৰভাৱে নিষিদ্ধ কৰিছে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ ৰক্ষা আৰু ব্ৰাঘ্য সংৰক্ষিত অঞ্চলৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহন কৰা হৈছে বুলি প্ৰশাসনে স্পষ্ট কৰি দিয়ে ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত পতাহী বিল¸দেওচুৰ¸ঘোঁৰাকাটি¸টুনিকাটি¸দেওপানী অঞ্চলত জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ প্ৰশাসনে লগতে স্পষ্ট কৰি দিয়ে যে, পৰম্পৰা ৰক্ষাৰ নামত কোনো লোকে মৎস্য চিকাৰ কৰিব নোৱাৰিব।

নিৰ্ধাৰিত অঞ্চলত অকৰ্তৃত্বশীলভাৱে লোকক একত্ৰিত কৰা আৰু ভিতৰলৈ যোৱাটো কঠোৰভাৱে নিষিদ্ধ। নিৰ্ধাৰিত এলেকাত বিল আৰু জলভাগত মাছ ধৰাটো কঠোৰভাৱে নিষিদ্ধ।

নিৰ্ধাৰিত এলেকাত যিকোনো ব্যক্তিয়ে যিকোনো ধৰণৰ মাছ ধৰা সামগ্ৰী কঢ়িয়াই নিয়াটো কঠোৰভাৱে নিষিদ্ধ। নিৰ্ধাৰিত অঞ্চলত যিকোনো ব্যক্তিয়ে যিকোনো অস্ত্ৰ (জুইৰ অস্ত্ৰ, মাৰাত্মক অস্ত্ৰ, ধনু আৰু কাঁড়কে ধৰি) কঢ়িয়াই নিয়াটো কঠোৰভাৱে নিষিদ্ধ।

এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাৰ পৰা বলবৎ হয় আৰু পৰৱৰ্তী আদেশ নোহোৱালৈকে চলি থাকিব বুলি জানিব পৰা গৈছে।

Also Read: পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে শ্বেইখ হাছিনাই...

কাজিৰঙা কলিয়াবৰ