পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে শ্বেইখ হাছিনাই...

পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে শ্বেইখ হাছিনাই...
পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে শ্বেইখ হাছিনাই...

মাচুম বিল্লাহ, ঢাকাঃ আৱামী লীগৰ প্ৰধান শ্বেইখ হাছিনাই বৃহস্পতিবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাবে পঞ্চমবাৰৰ বাবে শপত গ্ৰহণ কৰে। ১১ জানুৱাৰী, বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত হাছিনাক শপত বাক্য পাঠ কৰোৱাই বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে।

এই শপতগ্ৰহণৰ জৰিয়তে শ্বেখ হাছিনাই একেৰাহে চতুৰ্থবাৰৰ বাবে আৰু মুঠ পঞ্চমবাৰৰ বাবে বাংলাদেশ চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। হাছিনাৰ শপত গ্ৰহণৰ পাছতে ৰাষ্ট্ৰপতি ছাহাবুদ্দিনে আন আন মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰীসকলকো শপত বাক্য পাঠ কৰোৱায়। এই শপতগ্ৰহণ অনুষ্ঠানত দেশখনৰ উচ্চপদস্থ বিষয়া, ব্যৱসায়ী, কূটনৈতিক বিষয়া, বিশিষ্ট নাগৰিক প্ৰতিনিধিসকল উপস্থিত থাকে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছত ২০০৮ চনৰ পৰা ধাৰাবাহিকভাৱে ২০১৪, ২০১৮ ত প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল।

দেশখনৰ দ্বাদশ জাতীয় সংসদ নিৰ্বাচনত ২২২ খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে বাংলাদেশত পুনৰ চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিলে শ্বেইখ হাছিনাই। ইয়াৰ পিছতে ১০ জানুৱাৰীত সংসদৰ সদস্যসকলে শপত গ্ৰহণ কৰে আৰু তাৰ পাছতেই আৱামী লীগৰ সদস্যসকলে সৰ্বসন্মতিক্ৰমে দলীয় সভাপতি প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক সংসদীয় দলৰ নেতা তথা প্ৰধানমন্ত্ৰীৰ হিচাপে নিৰ্বাচিত কৰে। বৃহস্পতিবাৰে শ্বেইখ হাছিনাৰ লগতে ৩৬ জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে।

যোৱা ৭ জানুৱাৰীত বাংলাদেশৰ জাতীয় সংসদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনত আৱামী লীগৰ সৈতে মুঠ ২৮ টা দলে অংশগ্ৰহণ কৰিছিল। বাংলাদেশৰ প্ৰধান বিৰোধী দল বি এন পি আৰু তেওঁলোকৰ মিত্ৰ দলে নিৰ্বাচন বৰ্জন কৰিছে। তেওঁলোকে শ্বেইখ হাছিনাৰ পদত্যাগ আৰু নিৰ্দলীয় চৰকাৰৰ অধীনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে আন্দোলন অব্যাহত ৰাখিছে।

নিৰ্বাচনত ৩০০ আসনৰ ভিতৰত ২৯৯ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হয়। ইয়াৰে ২২২ খন আসনত আৱামী লীগে জয় লাভ কৰাৰ বিপৰীতে জাতীয় পাৰ্টীয়ে ১১ খন আসনত আৰু বাকী ৬৫ খন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে। জাতিয়া সমাজতান্ত্ৰিক দল, ৱৰ্কাছ পাৰ্টি আৰু কল্যাণ পাৰ্টিয়ে এখনকৈ আসন লাভ কৰিছে।

পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে শ্বেইখ হাছিনাই...
বটদ্ৰৱাৰ ভালুকমাৰীত ভাৰত আন্তঃৰাষ্ট্ৰীয় পুতলা মহোৎসৱ ২০২৪...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in