
ডিজিটেল ডেস্কঃ বাঘৰ বাবেই জাৰি কৰিবলগীয়া হৈছে ১৪৪ ধাৰা। কলিয়াবৰ মহকুমাত জাৰি কৰা হৈছে এই ১৪৪ ধাৰা। যোৱা সময়ছোৱাত কলিয়াবৰ চাহ বাগিচাত বাঘে মুক্ত বিচৰণ কৰি আতংকৰ সৃষ্টি কৰি থকাৰ মাজতে শিলঘাট অঞ্চলত পোৱালিৰ সৈতে বাঘিনী প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে।
কলিয়াবৰ বাগিচাত আশ্ৰয় গ্ৰহণ কৰা বাঘ খেদিবলৈ মঙ্গলবাৰে বন বিভাগৰ এটা দলে দুটা হাতীৰ সৈতে অভিযান চলাইছিল যদিও বাঘটোৰ সম্ভেদ নাপালে। তাৰ মাজতে শিলঘাট অঞ্চলটো বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰাত অসহায় হৈ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে।
বিয়লি ৪ বজাৰ পৰা ৯ বজালৈ সোণাৰীগাঁৱৰ পৰা শিলঘাট-কামাখ্যা পথত প্ৰৱেশ আৰু যাতায়তত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে শিলঘাটৰ ত্রিশূলধাৰীৰ মন্দিৰৰ পৰা বনাঞ্চলত প্রৱেশতো বাধা প্ৰদান কৰা হৈছে। এই বনাঞ্চলত কোনো সময়তে প্ৰৱেশ কৰিব নোৱাৰিব সাধাৰণ জনতা।