উৎকট গৰম: নগাওঁ জিলাতো পাঠদানৰ সূচী সলনি...

উৎকট গৰম: নগাওঁ জিলাতো পাঠদানৰ সূচী সলনি...
উৎকট গৰম: নগাওঁ জিলাতো পাঠদানৰ সূচী সলনি...

ডিজিটেল সংবাদ নগাঁও : গৰম বন্ধৰ অন্ত পৰিল ৷ বিদ্যালয়সমূহ পুনৰ নিয়মীয়া ভাবে আৰম্ভ হ’ল ৷ কিন্তু বিদ্যালয় আৰম্ভ হোৱাৰ পিছত চিন্তিত হৈ পৰিছে শিক্ষা বিভাগ , বিদ্যালয় প্ৰশাসন ৷

কাৰণ গৰমৰ উত্তাপ কম নাই ৷ বৰঞ্চ বৃদ্ধিহে পাইছে ৷ সেয়ে সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছে নগাঁৱৰ শিক্ষা বিভাগে ৷ নগাঁও জিলা আই এছ মৃদুল কুমাৰ নাথে এক নিৰ্দেশ যোগে বিদ্যালয়সমূহৰ পাঠদানৰ সময়ৰ পৰিবৰ্তন ঘটাইছে ৷

নতুন সময়সূচী অনুসৰি ৩ আগষ্টৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব আৰু ১২ বাজি ৩০ মিনিটত অন্ত পৰিব ৷ এম ই স্কুলসমূহ ৮ বজাত আৰম্ভ হৈ ১ বজাত অন্ত পৰিব ৷ হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পাঠদান ৮ বজাত আৰম্ভ কৰি ১ বাজি ৩০ মিনিটত শেষ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ পৰবৰ্তী নিদ্দেৰ্শ নিদিয়া পৰ্যন্ত এই সূচীৰে বিদ্যালয়সমূহৰ পাঠদান চলিব ৷

উৎকট গৰম: নগাওঁ জিলাতো পাঠদানৰ সূচী সলনি...
একেদিনাই ১ কোটি গছপুলি ৰোপণৰ লক্ষ্যঃ ২ টাকৈ পৰ্টেল মুকলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in