/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b4cb6ec1-934d-4a25-8b22-eb43df2219dc/1.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ অনুসূচীত জাতিৰ অন্যতম জাতীয় সংগঠন অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি দেওবাৰে গঠন কৰা হয়। নগাঁৱৰ ঘাহী চাৰিআলি সমূহীয়া প্ৰেক্ষাগৃহত অনুস্থিত সভাত অনুসূচিত জাতি লোকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/53408e92-6779-4aac-953d-10c3c33fc6c6/2b93f03b-5f6e-4aeb-ba5b-406c24491d68.jpg)
সভাৰ আৰম্ভণিতে সংবিধান প্ৰণেতা ড:বি আৰ আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যপ্ৰদান কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হেমন্ত দাসে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত সাধাৰণ সভাত পৰিষদৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/208a3e26-d3d8-4795-8b49-7c44cfd0de03/b7c99605-0a03-489c-8049-9f58a8708650.jpg)
সভাই দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো অনুসূচিত জাতিৰ মৌলিক সমস্যাসমূহ চৰকাৰে সমাধান নকৰাত ক্ষোভ প্ৰকাশ কৰে। সভাই অনুসূচিত জাতিৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়। সভাত তাপস দাসক সভাপতি ,মীৰেন কুমাৰ দাসক উপসভাপতি অমৃত ৰঞ্জন দাসক সাধাৰণ সম্পাদক আৰু বিজয় দাসক সহকাৰী সম্পাদক হিচাপে লৈ পৰিষদৰ নগাঁও জিলা সমিতি গঠন কৰা হয়।
Also Read: কামৰূপৰ সোণতলীত ভয়ংকৰ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত ৩জন