নগাঁৱত প্ৰতিদিন টাইমৰ সাংবাদিকক আক্ৰমণ...

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ। এই ঘটনা সংঘটিত হৈছে নগাঁৱত। জানিব পৰা মতে

author-image
Asomiya Pratidin
New Update
নগাঁৱত প্ৰতিদিন টাইমৰ সাংবাদিকক আক্ৰমণ...

ডিজিটেল সংবাদ,নগাঁওঃ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ। এই ঘটনা সংঘটিত হৈছে নগাঁৱত। জানিব পৰা মতে নগাঁৱৰ খাগৰিজানত প্ৰতিদিন টাইমৰ সাংবাদিক বীৰেন বৰাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে। খাগৰিজান কলেজৰ কাষৰ খেলপথাৰৰ উন্নিতকৰণৰ কামত চলা দুৰ্নীতিৰ বাতৰি সংগ্ৰহৰ সময়তে সাংবাদিক বীৰেণ বৰাক আক্ৰমণ কৰে।

Advertisment

অভিযোগ অনুসৰি ত্ৰৈলোক্য বৰা নামৰ এজন লোকৰ নেতৃত্বত চলে এই আক্ৰমণ। বাতৰিৰ ভিডিঅ’ সংগ্ৰহ কৰা কেমেৰা ভাঙিবলৈ অপচেষ্টা কৰে আক্ৰমণকাৰীয়ে।

উক্ত খেল পথাৰত মাটিৰ পৰিৱৰ্তে নিশাৰ ভাগত জাবৰ পেলাই উন্নিতকৰণ কৰি থকাৰ বাতৰি সংগ্ৰহৰ কৰিবলৈ যাওঁতে এই ঘটনা ঘটনাৰ সন্দৰ্ভত সাংবাদিক বৰাক আক্ৰমণ কৰে। ইতিমধ্যে আক্ৰমণকাৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

আৰু পঢ়কঃ হৰি নামৰে মুখৰ শংকৰ অধিৱেশনৰ বাকৰি

Assam police crime journalist