বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান...

বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰ বৰদোৱাৰ সহযোগত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ সভাপতি জয়ন্ত মাধৱ বৰাই আঁত ধৰা অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰা।

Advertisment

সভাত উপস্থিত থাকি "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ নৱপ্ৰজন্মৰ বাবে সত্ৰীয়া সংস্কৃতি চৰ্চাৰ বাবে বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰই যি পদক্ষেপ গ্ৰহণ কৰিছে, সচাকৈ আদৰণীয়" বুলি তেওঁ ভাষন প্ৰদান কৰে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, শংকৰদেৱৰ শিশু নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতা, মমী গোস্বামীয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে শিল্পী হীৰামণি বৰুৱাই বৰগীত পৰিৱেশন কৰে।

বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানটিত কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰা গুৰু বন্দনা, মাটি আখৰা, কৃষ্ণ বন্দনা, বালক কৃষ্ণ নৃত্য, গুৰু ভটিমা, ভোৰতাল নৃত্য, দশাৱতাৰ নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি উপস্থিত দৰ্শক সকল মন্ত্ৰমুগ্ধ হৈ পৰে। নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱগোস্বামী, থানৰ বৰনামলগোৱা ডম্বৰুধৰ গায়ন, বটদ্ৰৱা মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্ত, বটদ্ৰৱা জাাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা, শিল্পী উপেন শইকীয়া, পুনাৰাম বৰা, মঞ্জু মনি বৰঠাকুৰৰ লগতে বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ প্ৰশিক্ষক তথা তত্বাৱধায়ক হিচাপে থকা প্ৰদীপ গোস্বামী, ৰণিতা বৰঠাকুৰ, ৰিংকী বৰকাকতি, সীমা মহন্ত, ৰীনা বৰুৱা, অৰ্চনা বৰুৱা, তুষ্টি বৰুৱা, কল্যাণী বৰুৱা, উষা বৰদলৈ, দীপশ্ৰী শইকীয়াৰ লগতে প্ৰশিক্ষাৰ্থী, অভিভাৱক-আভিভাবিকা, অতিথি সহ শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিৰ শেষত প্ৰশিক্ষাৰ্থী সকলক প্ৰশংসা পত্ৰ, মূল্যায়ন পত্ৰ প্ৰদান কৰা হয়।

Also Read: লোমহর্ষক! পুত্ৰৰ সন্মুখতে পিতৃক হত্যা দুৰ্বৃত্তৰ

Barduwa