/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e4daa4da-80d7-43a4-8c52-d13fa2ce1824/16.jpg)
-
গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত কল্যাণপুৰৰ ৰাজপথত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।
-
এদল দুৰ্বৃত্তৰ দলে গুলীয়াই হত্যা কৰে গোৱালপাৰা চহৰৰ অশোক গোৱেল নামৰ এগৰাকী ব্যৱসায়ীক।
-
নিৰ্মীয়মান আগিয়া-শোলমাৰীৰ ফ'ৰলেন পথৰ কল্যাণপুৰত চাৰিচকীয়া বাহন আগুছি ধৰি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ব্যৱসায়ীজনক।
-
ব্যৱসায়ীগৰাকী পুত্ৰৰ সৈতে গুৱাহাটীৰ দিশৰ পৰা ঘৰলৈ উভতি অহাৰ পথত নিশা ৮.৩০ বজাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো।
-
গোৱালপাৰা চহৰৰ বৰো বজাৰৰ বাসিন্ধা আছিল দুৰ্বৃত্তৰ গুলিত নিহত ব্যৱসায়ী অশোক গোৱেল ।
-
গুলিত নিহত অশোক গোৱেলৰ গাড়ী চালকক আৰক্ষীয়ে সোধা-পোচা আৰম্ভ কৰিছে।
-
কোনে কি কাৰণত ব্যৱসায়ীগৰাকীক গুলিয়াই হত্যা কৰিলে বৰ্তমানলৈকে কোনো তথ্য জানিব পৰা হোৱা নাই।