বটদ্ৰৱাৰ নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী অসুস্থ

বটদ্ৰৱাৰ নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী অসুস্থ

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী অসুস্থ

ডিজিটেল সংবাদ,বটদ্ৰৱা : বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত ঐতিহ্যমণ্ডিত নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। বুধবাৰে সত্ৰৰ জন্মাষ্টমীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকাৰ সময়তে হঠাৎ ঢলি পৰিছিল সত্ৰাধিকাৰ দেৱ গোস্বামী।

Advertisment

ঘটনাৰ লগে লগে ভকত-বৈষ্ণৱে চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকে জানিবলৈ দিয়া মতে সত্ৰাধিকাৰ দেৱ গোস্বামী কিছু পৰিমাণে সুস্থ হৈছে যদিও, শ্বাস প্ৰশ্বাসত অসুবিধা পাইছে।

Also Read: গোলাঘাটত ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপুতি শোভাযাত্ৰা : সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

Satradhikar gmch satra