গোলাঘাটত ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপুতি শোভাযাত্ৰা : সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

গোলাঘাটত ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপুতি শোভাযাত্ৰা : সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

ডিজিটেল সংবাদ,গোলাঘাট : 'বিজেপিয়ে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱাৰ বিপৰীতে আমি দেশৰ জনসাধাৰণৰ মাজত শান্তিৰ অমৃত বিলাইছো।' বৃহস্পতিবাৰে গোলাঘাটত কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলনৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়- 'সংসদৰ বিশেষ অধিবেশনৰ কোনো এজেণ্ডা আমি পোৱা নাই। এইখন চৰকাৰ ইভেণ্ট মেনেজমেণ্টৰ চৰকাৰ' বুলি তেওঁ উল্লেখ কৰে।

আমাৰ সন্মিলিত শক্তিৰ নাম ইণ্ডিয়া নহৈ ভাৰত হোৱাহেতেনো এইখন চৰকাৰে ভাৰত নামটোও অতৰাবলৈ চেষ্টা কৰিলেহেতেন বুলি উল্লেখ কৰি তেওঁ কয় যে এনে আচৰণ চৰকাৰৰ পাতল মনৰ পৰিচয়। বিজেপিৰ প্ৰতিটো গালিয়েই আমাৰ বাবে প্ৰসাদ বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে, অহা নিৰ্বাচনত ১৪ টা সমষ্টিতে আমাৰ ফলাফল ভাল হ'ব বুলি মন্তব্য কৰে।

সাংসদগৰাকীয়ে গোলাঘাটৰ কংগ্ৰেছ ভৱনত এখন বৰ্ধিত কাৰ্যনিবাহক সভাতো অংশগ্ৰহণ কৰে। গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দাদু টায়েৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত গোলাঘাট জিলা কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দ্বিপেন বৰুৱা আৰু জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জেনিথ বৰাই সভাৰ আঁত ধৰে।

সভাত গোলাঘাট জিলা কংগ্ৰেছৰ তত্বাবধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল হামিড, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়া, বিতুপন শইকীয়া, সাধাৰণ সম্পাদিকা পল্লৱী শইকীয়া গগৈ, ৰাজ্যিক সম্পাদক মেঘনাথ ছেত্ৰী আৰু উদিত ভানু দাস, যুটীয়া সম্পাদক ৰাতুল কুৰ্মী , প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে অংশগ্ৰহণ কৰে।

সভাখনত গৌৰৱ গগৈয়ে ভাষণ প্ৰসঙ্গত তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেও পুৰণা মেপৰ মতে উন্নয়ন আৰু দলৰ সাংগঠনিক কামসমূহ চলাই নিব বুলি বৰ্ধিত সভাখনত বক্তব্য প্ৰদান কৰে । প্ৰায় ৫ শতাধিক দলীয় কৰ্মী উপস্থিত থকা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আম আদমী পাৰ্টি আৰু অন্যান্য ৰাজনৈতিক দলৰ পৰা অৰ্ধ শতাধিক ব্যক্তি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

গোলাঘাট জিলাৰ ব্লক কংগ্ৰেছৰ সভাপতিসকলে বক্তব্য ৰখা সভাখনত নিজ নিজ ব্লক এলেকাৰ সাংগঠনিক দিশ তথা বুথ কমিটি সমূহৰ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। ইয়াৰ পাছত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা গোলাঘাট নগৰৰ মাজেৰে সদৰ থানাৰ সন্মুখেৰে ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপুতি উপলক্ষে এক সমদল যাত্ৰা কৰি কংগ্ৰেছ কাৰ্যালয়ত মিলিত হয় ।

পুনৰ কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীসকলে "বাগিছাই বাগিছাই কংগ্ৰেছ" শীৰ্ষক কাৰ্যসূচী সফল ৰূপায়নৰ বাবে বৈঠক অনুষ্ঠিত হয় । গোলাঘাট জিলা কংগ্ৰেছ চাহ ও প্ৰাক্তন চাহ বিভাগৰ সভাপতি জীতেন কুৰ্মীয়ে উক্ত সভাত "বাগিছাই বাগিছাই কংগ্ৰেছ" শীৰ্ষক কাৰ্যসূচী সফল ৰূপায়নৰ বাবে ইতিমধ্যে প্ৰাক সাংগঠনিক সভা আয়োজন কৰি বাগিছাৰ পৰা বাগিছালৈ এই বাৰ্তা লৈ যোৱা হৈছে বুলি কয় ।

গোলাঘাট জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুঙে কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত কঠালগুৰি ব্লকৰ দক্ষিণ হেঙেৰা বাগিছাত, বোকাখাত ব্লকৰ ডিফলু চাহ বাগিছাত,মৰঙি ব্লক এলেকাৰ থুৰাজান বাগিছাত "বাগিছাই বাগিছাই কংগ্ৰেছ" শীৰ্ষক এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

গোলাঘাটত ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপুতি শোভাযাত্ৰা : সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য
উৎপল বৰাক বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in