/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/286bf5b6-ba8b-42dd-8b6a-a9f9f42cad4c/na.jpg)
ডিজিটেল সংবাদ,নগাঁও : মানৱমনৰ সমস্ত সংশয়-দ্বিধা-বিভ্ৰান্তি আতৰাবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমন্বয়ৰ সেঁতু গঢ়িছিল ৷ অসমৰ মানুহৰ সৰ্বাত্মক পৰিৱৰ্তনেৰে মহাপুৰুষজনাই জীৱন-জগতৰ সমন্ধে অভূতপূৰ্ব উচ্চতম দৃষ্টিভংগী প্ৰদান কৰিছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/12cb10f7-89e6-4182-8a5c-eb2612fe2996/7af342d0_b1cf_4494_8b72_480a6301dcb7.jpg)
এই মানৱিক প্ৰমূল্যবোধৰ চিন্তন-কৰ্ষণৰ প্ৰয়োজনীয়তাৰ চৰ্চাৰ প্ৰয়োজন আছে ৷ ইয়াৰে অংশ হিচাপে দেওবাৰে নগাঁও জিলা পুথিভড়ালত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ ৷
অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন সতী ৰাধিকা মহিলা তীৰ্থ আৰু নগাঁও জিলা সত্ৰ মহাসভাৰ যৌথ উদ্যোগত এই গুৰুত্বপূৰ্ণ বক্তৃতানুষ্ঠান আৰু সত্ৰাধিকাৰ সমাসীন সভাখনি অনুষ্ঠিত হয় ৷ নগাঁও জিলা পুথিভড়াল প্ৰাঙ্গনত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটি সঞ্চালনা কৰে ড° অৰুন্ধতী মহন্তই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/70236af8-d637-46f2-b91a-bf7a30d1d28b/1731e134_a37a_4ce3_bed3_2e2576e4c17b.jpg)
অনুষ্ঠানটিত “অসমৰ সত্ৰানুষ্ঠান:এক তাত্বিক সন্দৰ্শন“ বিষয়ত বক্তব্য আগবঢ়াই প্ৰতিথযশা পণ্ডিত,স্বনামধন্য গবেষক ড° প্ৰদীপ জ্যোতি মহন্তই ৷ অনুষ্ঠানতে সাহিত্যিক ভীষ্ম দুৰ্লভ মহন্তৰ ৰচিত গ্ৰন্থ “যাজ্ঞসেনী কৃষ্ণ“ উন্মোচিত কৰা হয় ৷ গ্ৰন্থখনি উন্মোচন কৰে সাহিত্যিক-শিক্ষাবিদ ড° অৰুন্ধতী মহন্তই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/39c2e15e-5ddc-49f3-964d-755cda64ad27/038e2573_6c1e_4515_9209_5b96dd5bb852.jpg)
“অসমৰ সমাজ জীৱনৰ নিৰ্মাতা মহাপুৰুষ শংকৰদেৱ“ শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়াই লেখিকা ড° ৰূপাঞ্জলী দেৱীয়ে ৷ বক্তৃতানুষ্ঠানটিত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত,সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱ গোস্বামী ,ড° ধৰ্মেশ্বৰ গোস্বামী উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/070ab5b2-520a-4ef3-bf1f-caa9dcf1e363/2fc17f4e_0a8f_4a49_bf61_02a1ad4f8117.jpg)
অনুষ্ঠানটিত ২৪ জনকৈ সত্ৰাধিকাৰক সন্মানিত কৰা হয় ৷ মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ সত্ৰাধিকাৰসকলক মানপত্ৰ,গামোচা,পাগুৰি আদিৰে সন্মান জনোৱা হয় ৷ এইসকল সত্ৰাধিকাৰৰ ভিতৰত নবীন চন্দ্ৰ গোস্বামী , বসন্ত দেৱ মহন্ত , তুলসী মহন্ত , সৰ্বানন্দ মহন্ত , যুগল চন্দ্ৰ গোস্বামী , জীবেশ্বৰ দেব গোস্বামী , কৃষ্ণ গোস্বামী , বনমালী গোস্বামী , ভীষ্ম দুৰ্লভ মহন্ত , গোপাল গোস্বামী , কীৰ্তিকান্ত গোস্বামী , কুশল চন্দ্ৰ মহন্ত , জীৱন গোস্বামী , ধৰ্মেশ্বৰ গোস্বামী , শুকদেব গোস্বামী , অশোক কুমাৰ মহন্ত , হেমকান্ত মহন্ত , গজেন্দ্ৰ নাথ মহন্ত , জনাৰ্দন গোস্বামী , পদুম চন্দ্ৰ দেব গোস্বামী , ড° গিৰিকান্ত গোস্বামী , লীলাকান্ত মহন্ত আদিক সন্মানিত কৰা হয় ৷ সমগ্ৰ অনুষ্ঠানট আঁত ধৰে দিগন্ত প্ৰকাশ মহন্তই ৷
Also Read: যোৰহাটত হেণ্ডবল দিৱস পালন আৰু প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান