যোৰহাটত হেণ্ডবল দিৱস পালন আৰু প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান

যোৰহাটত হেণ্ডবল দিৱস পালন আৰু প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ,যোৰহাট : নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক সামৰণি লৈ গ্ৰাম্য পৰিৱেশত হেণ্ডবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে যোৰহাট জিলা হেণ্ডবল সন্থাই। সেয়ে এই লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি যোৰহাটত শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে "যোৰহাট হেণ্ডবল দিৱস" অনুষ্ঠানটি আয়োজন কৰা হয়।

অসম হেণ্ডবল সন্থাৰ নিৰ্দেশনামৰ্মে যোৰহাট জিলা হেণ্ডবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলাৰ বিভিন্ন ঠাইত ইতিমধ্যে গ্ৰীষ্মকালীন বিশেষ হেণ্ডবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই শিবিৰসমূহত বিভিন্ন প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে।

এনেবোৰ পদক্ষেপৰ মাজতে দেওবাৰে জিলাখনৰ বিভিন্নস্থানৰ গ্ৰাম্যাঞ্চলৰ খেলুৱৈসকলক একত্ৰিত কৰি খেলুৱৈসকলৰ মাজত এখনি প্ৰীতি হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি উক্ত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি গ্ৰীষ্মকালীন হেণ্ডবল প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানটি আয়োজন কৰা হয়।

যোৰহাট জিলা হেণ্ডবল সন্থাৰ উদ্যোগত আৰু পূব যোৰহাট আঞ্চলিক হেণ্ডবল সন্থাৰ সহযোগত চেনিজান হাইস্কুল খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে উক্ত অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা "যোৰহাট হেণ্ডবল দিৱস" অনুষ্ঠানৰ মূল কাৰ্যসূচী হেণ্ডবল প্ৰতিযোগিতাখন উদ্বোধন কৰে বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক কমল জ্যোতি গগৈয়ে।

উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলা হেণ্ডবল সন্থা আৰু পূব যোৰহাট আঞ্চলিক হেণ্ডবল সন্থাৰ পতাকা উত্তোলন কৰে ক্ৰমে হৰিশ শইকীয়া আৰু ৰাজু বৰাই। সদৌ অসম হেণ্ডবল সন্থাৰ যুটীয়া সম্পাদক তথা যোৰহাট জিলাৰ সম্পাদক দেৱজিত বৰাই আঁত ধৰা অনুষ্ঠানত সন্থাৰ জিলা সভাপতি তথা সদৌ অসম হেণ্ডবল সন্থাৰ সম্পাদক পিকলু ৰয়, কোষাধক্ষ বিপুল শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, প্ৰায় ৪ শতাধিক খেলুৱৈ উপস্থিত থকা আজিৰ অনুষ্ঠানটিত প্ৰীতি হেণ্ডবল প্ৰতিযোগিতাত ল'ৰা আৰু ছোৱালীৰ উভয় শাখাতে ১৬ টা দলে অংশগ্ৰহণ কৰে।

যোৰহাটত হেণ্ডবল দিৱস পালন আৰু প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান
অসম এথলেটিকছ সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত জয়ন্ত মল্লবৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in