সোণকোষ নদীৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ...

সোণকোষ নদীৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ...
সোণকোষ নদীৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অধীনৰ অসম আৰু পশ্চিমবংগৰ সীমান্তৱৰ্তী তিনিটা স্থানত সোণকোষ নদীৰ খহনীয়া পৰিদৰ্শন কৰে । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে চিমলাবাৰী আৰু বৰগোপা অঞ্চলত উপস্থিত হৈ নদীৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে ।

মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত স্থানীয় লোকসকলক আশ্বাস দি কয় যে, অহা বিত্তীয় বৰ্ষত অঞ্চলটোত স্থায়ী খহনীয়া ৰোধৰ কাম হাতত লোৱা হ'ব । অৱশ্যে আগন্তুক বাৰিষাৰ সময়ত অস্থায়ীভাৱে হ'লেও অঞ্চলটোত খহনীয়া ৰোধৰ কাম কৰিবলৈ মন্ত্ৰী হাজৰীকাই জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে ।

চিমলাবাৰীত উপস্থিত সাংবাদিকৰে হোৱা সাক্ষাতত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে মুখ্যমন্ত্ৰী মহোদয়ৰ কোকৰাঝাৰ ভ্ৰমণৰ সময়ত স্থানীয় ৰাইজে সংকোশ নদীৰ খহনীয়া সমস্যাৰ বিষয়ে তেওঁক অৱগত কৰাত মুখ্যমন্ত্ৰী মহোদয়ে জলসম্পদ মন্ত্ৰীগৰাকীক উক্ত অঞ্চলকেইটা পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছিল । মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশমৰ্মে আজি উক্ত অঞ্চলকেইটা পৰিদৰ্শন কৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে শীঘ্ৰে অঞ্চলকেইটাত খহনীয়া ৰোধৰ স্থায়ী কাম হাতত লোৱা হ'ব ।

পাছত মন্ত্ৰী হাজৰীকাই সীমান্তৱৰ্তী বাগদোক্ৰা অঞ্চলত উপস্থিত হৈ সংকোশ (গংগাধৰ) নদীয়ে সৃষ্টি কৰা খহনীয়াৰ বুজ লয় । অঞ্চলটোত আগন্তুক বাৰিষাৰ সময়ত সাময়িক প্ৰতিৰোধ ব্যৱস্থা আৰু অহা বিত্তীয় বৰ্ষত স্থায়ী খহনীয়াৰোধৰ কাম হাতত লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

সন্ধিয়া মন্ত্ৰী হাজৰীকাই কোকৰাঝাৰত বি টি আৰ ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত বি টি আৰৰ চাৰিখন জিলাৰ জলসম্পদ বিভাগৰ কামসমূহৰ পৰ্যালোচনা কৰে । পৰ্যালোচনা বৈঠকত মন্ত্ৰী হাজৰীকাই চাৰিওখন জিলাৰে খহনীয়া অধ্যুষিত স্পৰ্শকাতৰ অঞ্চলসমূহ নিৰ্বাচিত কৰি পৰ্যায়ক্ৰমে স্থায়ী প্ৰতিৰোধৰ কাম হাতত লোৱাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ।

পৰ্যালোচনা বৈঠকত কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইচলাৰী, বি টি আৰ ৰ কেইবাজনো কাৰ্যবাহী সদস্য আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা উপস্থিত থাকে ।

সোণকোষ নদীৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ...
ধেমাজি ডায়েটত তৃতীয় সংখ্যক ডায়েট সপ্তাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in