সৰস্বতী পূজাত কিতাপৰ উৎসৱ পালন

নগাঁও জিলাৰ বামুণী বৰ্ণালী জাতীয় বিদ্যালয়ত বুধবাৰে সৰস্বতী পূজা পালন কৰাৰ লগতে কিতাপৰ উৎসৱ পালন কৰে।

author-image
Asomiya Pratidin
New Update
 সৰস্বতী পূজাত কিতাপৰ উৎসৱ পালন

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বামুণী বৰ্ণালী জাতীয় বিদ্যালয়ত বুধবাৰে সৰস্বতী পূজা পালন কৰাৰ লগতে কিতাপৰ উৎসৱ পালন কৰে। বিভিন্ন জাতি-জনগোষ্টীৰ বাসস্থান অতি পিচপৰা পাহাৰীয়া অঞ্চল বামুণীত আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু', সত্যনাথ বৰাৰ- 'সাৰথি', ভবেন্দ্ৰনাথ শইকীয়াৰ- 'মোৰ শৈশৱ-মোৰ কৈশোৰ', অৰূপজ্যোতি হাজৰিকাৰ- 'জোন বেলি তৰা'. ভাৰত বৰাৰ-'কুইজ বিচিত্ৰা' আদি কিতাপ সমাজকৰ্মী অসীম বৰা আৰু প্ৰিতম বৰাই ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে কিতাপ তুলি দি কিতাপৰ উৎসৱ পালন কৰা হয়।

Advertisment

শিশু বন্ধু দুলাল বৰাই জাতিৰ গৌৰৱ, দেশৰ গৌৰৱ শিশু সকলে কিতাপ পঢ়ি জগত চিনিব আৰু জগত জিনিব পাৰিব বুলি বক্তব্য আগবঢ়াই। বৰ্ণালী জাতীয় বিদ্যালয়ৰ সম্পাদক মনজিৎ শইকীয়া, প্ৰধান শিক্ষাগুৰু কৰবি কলিতা, শিক্ষাগুৰু জ্যোতিস্মৃতা গোহাঁই, ৰিনি বড়ো, দীপক বৰদলৈ, জিনু বচোমতাৰী, সোণালী বেগম, চাহনাজ বেগম আৰু দীপাংকৰ পেগু আৰু কাৰ্যলয় সহায়ক সুনিল ঘাটোৱাৰেও সহযোগ আগবঢ়াই ।

Also Read: বৰক'লাৰ বিশিষ্ট সমাজকৰ্মী ললিত সিঙৰ মৃত্যু

Saraswati Puja bebejiya nagaon