বৰক'লাৰ বিশিষ্ট সমাজকৰ্মী ললিত সিঙৰ মৃত্যু

বৰক'লাৰ বিশিষ্ট সমাজকৰ্মী ললিত সিঙৰ মৃত্যু

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ বৰক'লাৰ বিশিষ্ট সমাজকৰ্মী ললিত সিং(৭৪)ৰ বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে । আজি দিনৰ ১১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰা ব্যক্তিগৰাকী দীৰ্ঘদিন ধৰি বৃক্কৰ অসুখত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল । সৰবৰহী ব্যক্তি গৰাকীয়ে বৰক'লাৰ টুবুকী বৰডোবা ভোমোৰাগুৰি কিছামতৰ গাঁওপ্ৰধান হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও বৰক'লা কেন্দ্ৰীয় গুৰুদ্বাৰৰ কাৰ্যকৰী সভাপতি আৰু অসমীয়া শিখ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিল ।

ইয়াৰোপৰি তেওঁ বৰক'লাৰ গুৰু শংকৰ-নানক মহাবিদ্যালয় আৰু বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সৈতেও নিবিড়ভাৱে জড়িত আছিল । মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও দুগৰাকীকৈ কন্যা, তিনিগৰাকী ভাতৃ আৰু আত্মীয়-কুটুম্বক এৰি থৈ গৈছে । দক্ষ সমাজ সংগঠক গৰাকীৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ বৰক'লা অঞ্চল ।

বৰক'লাৰ বিশিষ্ট সমাজকৰ্মী ললিত সিঙৰ মৃত্যু
মাতৃৰ আলপৈচান ধৰাৰ বাবে স্বামীৰ বিৰুদ্ধে পত্নীৰ গোচৰ : আদালতে দিলে এই ৰায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in