ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বটদ্ৰৱাৰ বিভিন্ন শিক্ষানুষ্ঠানত বাক্দেৱী বন্দনা...

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বটদ্ৰৱাৰ বিভিন্ন শিক্ষানুষ্ঠানত বাক্দেৱী বন্দনা...

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বটদ্ৰৱাৰ বিভিন্ন শিক্ষানুষ্ঠানত বাক্দেৱী বন্দনা...

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বটদ্ৰৱাৰ বিভিন্ন শিক্ষানুষ্ঠানত বাক্দেৱী বন্দনা...

ডিজিটেল সংবাদ বটদ্ৰৱা:আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পুৱাৰে পৰা উখল মাখল পৰিৱেশ। বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত পুৱাৰে পৰা "যা কুন্দেন্দু তুষাৰহাৰা ধবলা যা শ্বেত পদ্মাসনা" শীৰ্ষক বাক্দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে।

Advertisment

উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত পূজাৰ পৰিবৰ্তে সৰস্বতী সবাহ অনুষ্ঠিত হৈ আহিছে। সমগ্ৰ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত সৰস্বতী দেৱীৰ মূৰ্তি পূজাৰ পৰিবৰ্তে বটদ্ৰৱাত থাপনা পাতি পৰম্পৰাগতভাৱে নাম কীৰ্তনৰ মাজেৰে উদযাপন কৰা হয় সৰস্বতী সবাহ।

ইফালে মহাপুৰুষ শংকৰদেৱৰ স্মৃতি বিজড়িত মহেন্দ্ৰ কন্দলি সংস্কৃত টোলত পুৱাৰে পৰা মাংগলিক অনুষ্ঠানৰ মাজেৰে বসন্ত পঞ্চমী উদযাপন কৰা হয়। ইয়াৰোপৰি বটদ্ৰৱা শংকৰদেৱ মহাবিদ্যালয়টো সৰস্বতী পূজা উপলক্ষে নাম কীৰ্তন অনুষ্ঠিত হৈছে।

Also Read: কৃষক আন্দোলনৰ মাজত ৰাহুল গেৰাণ্টিঃ বিজেপিৰ প্ৰশ্ন, কৃষকৰ উত্তৰ...

বটদ্ৰৱা