/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/bd6df59a-46db-428b-b69a-8a3d2cde5379/8.jpg)
ডিজিটেল সংবাদ, চামগুৰিঃ সমাগত লোকসভা নিৰ্বাচন। ইতিমধ্যে ১১ টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে। নগাঁও লোকসভা সমষ্টিৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰে সুৰেশ বৰাই । লোকসভা সমষ্টিৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থীত্ব পায় সোমবাৰে মহামৃত্যুঞ্জয় মন্দিৰত আঠু ল'লে সুৰেশ বৰাই।
সংখ্যালঘু ৰাইজৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে। উন্নয়নৰ প্ৰতি আগ্ৰহী ৰাইজকলৈ আশাবাদী সুৰেশ বৰা। বিৰোধীয়ে পচন্দৰ ঠাইত নিৰ্বাচন খেলিব বিচাৰে। কিন্তু মোৰ ক্ষেত্ৰত বেলেগ। প্ৰত্যাহ্বান থাকিলেহে মজা আছে- এই মন্তব্য সুৰেশ বৰাৰ।
কংগ্ৰেছত থকা সকলেও আগন্তুক নিৰ্বাচনত সুৰেশ বৰাক সহায় কৰাৰ ইংগিত দিয়ে স্থানীয় কংগ্ৰেছ সদস্যই। বহুসংখ্যক কংগ্ৰেছী নেতা-কৰ্মীয়ে আগন্তুক দিনত যোগদান কৰিব বিজেপিত। গৌৰৱ গগৈ অথবা প্ৰদ্যুত বৰদলৈ একালৰ সতীৰ্থ যদিও এইবাৰ যুজঁ আদৰ্শগত হ'ব বুলি আখ্যা সুৰেশ বৰাৰ।