চামগুৰিত 'আইতাৰ চোতালত সাধুকথা' অনুষ্ঠান

চামগুৰিত 'আইতাৰ চোতালত সাধুকথা' অনুষ্ঠান

ডিজিটেল সংবাদ,নগাঁওঃ "অকণিৰ সাহিত্য সভাৰ প্ৰতিটো কামেই শিশুৰ ব্যক্তিত্বত প্ৰভাৱ পেলাই আহিছে।" বিশিষ্ট নাট্যকাৰ তথা সুলেখিকা গুণদা গোস্বামীয়ে বুধবাৰে নগাঁৱৰ চামগুৰি ভেলেউগুৰিৰ আঞ্চলিক পুথিভঁৰাল প্ৰেক্ষাগৃহত "অকণিৰ সাহিত্য সভা" আৰু "মৌচাক" আলোচনীৰ যুটীয়া উদ্যোগত আয়োজিত আইতাৰ চোতালত সাধুকথা শীৰ্ষক এটি অনুষ্ঠানত উপস্থিত থাকি এইদৰে কয়।

চামগুৰিৰ দুলাল পেপাৰ এজেঞ্চীৰ আতিথ্যত অনুষ্ঠিত হোৱা বুধবাৰৰ অনুষ্ঠানত পোনপ্ৰথমে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। শিশুবন্ধু দুলাল বৰা, সুলেখিকা দেৱজানি শৰ্মা, শালনা বনাঞ্চলিক বিষয়া বিভুতি ভূষণ মজুমদাৰ, ন জিলা শিক্ষা আৰু শিক্ষণ প্ৰতিষ্ঠান নগাঁৱৰ প্ৰাক্তন প্ৰবক্তা প্ৰবীণ কুমাৰ বৰা, ভেলেউগুৰি আঞ্চলিক পুথিভঁৰালৰ সভাপতি আৰু সম্পাদক ক্ৰমে, ডম্বৰু বৰা আৰু মৃদুল কলিতা, সমাজসেৱক ক্ৰমে দেবানন্দ বৰা, ৰাজা কাঠহাজৰিকা, নৰেন্দ্ৰ নাথ ভূঞা, পৰেশমনি শৰ্মা আদি লোকসকল অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

অৰ্ধ শতাধিক শিশুৰ কলৰৱে জীপাল আবেলিটোত চাৰিগৰাকী আইতাৰ সাধুকথা আৰু সমান্তৰালভাৱে শিশুসকলে অভিনয় কৰে। শিশু অংকুৰজ্যোতি ভাগৱতীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ উলঙ্গ ৰজাৰ সাধুটোক নাট্যৰূপ দিয়ে। গীত-মাত, কবিতা, নৃত্য, ভাওনা আদি প্ৰদৰ্শন কৰি উপস্থিত দুই শতাধিক দৰ্শকক মোহিত কৰা শিশুসকল আছিল ক্ৰমে ডলি বৰা, প্ৰিয়ংকী বৰা, ধৃতিমান বৰা, স্নিগ্ধা পৰাশৰ, নৱজিত বৰা, দিপাংশু পৰাশৰ, লক্ষজ্যোতি মুদৈ, সুনাক্ষী মুদৈ, অস্মিতা বৰা, অনিমেষ শইকীয়া, শিল্পীকা কলিতা, ধৰিত্ৰী হাজৰিকা, কৃষ্টিনা হাজৰিকা, অৰ্ণৱ বৰা, জুৱেল হাজৰিকা, কাশ্যপ জ্যোতি শইকীয়া, ভাস্কৰ বৰা, জেনেলিয়া কাঠ হাজৰিকা আদি। সামগ্রিকভাৱে অনুষ্ঠানটোৰ আঁতধৰে অকণিৰ সাহিত্য সভাৰ সম্পাদক দ্বীপজ্যোতি বৰাই।

চামগুৰিত 'আইতাৰ চোতালত সাধুকথা' অনুষ্ঠান
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সতীৰ্থ সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in