ৰঙিয়াত বিজেপিৰ গাওঁ চলো অভিযান কাৰ্যসূচী

সমষ্টিত ২৫ ফেব্ৰুৱাৰী পৰা আৰম্ভ বিজেপিৰ হিতাধিকাৰীৰ সম্পৰ্ক অভিযান
ৰঙিয়াত বিজেপিৰ গাওঁ চলো অভিযান কাৰ্যসূচী

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত বিজেপি উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত গাওঁ চলো অভিযান কাৰ্যসূচী আৰম্ভ হয় । তাৰে পৰিপ্ৰেক্ষিতত ৰঙিয়াৰ চেপ্টিত সোমবাৰে দিনৰ ২ বজাত বিজেপিৰ গাওঁ চলো অভিযান অনুষ্ঠিত কৰা হয় । ৰঙিয়া নগৰ মণ্ডল সমিতিৰ অন্তৰ্গত ১০৩ নং বুথৰ অন্তৰ্গত ডেকা চুবুৰীত অনুষ্ঠিত উক্ত কাৰ্যসূচীত দলটোৰ জিলা উপ সভাপতি ভৱেশ ডেকা প্ৰমুখ্যে নেতৃবৃন্দকে ধৰি ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য ঋষি লহকৰে অংশগ্ৰহণ কৰি ৰাইজৰ মনৰ বুজ লোৱা পৰিলক্ষিত হয়। ৰঙিয়াৰ টাউন মণ্ডলৰ ৭৬ ৰো অধিক বুথৰ উপৰি জিলা মণ্ডল সামৰি সমষ্টিৰ ২৫০ টা বুথ চুই যাবলৈ লয় ।

অভিযানত বিজেপিৰ স্থানীয় কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে গৈ প্ৰতিদিনে এই অভিযান চলায়। ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ সমষ্টি ভিত্তিত গাওঁ চলো অভিযান সুন্দৰকৈ সফলতাৰে চলি আছে বুলি দলীয় কাৰ্যকৰ্তাসকলে অনুভৱ ব্যক্ত কৰে ।

উল্লেখ্য যে বিজেপিৰ এই গাওঁ চলো অভিযানৰ জৰিয়তে মূলতঃ স্থানীয় ৰাইজৰ সমস্যা আৰু বিজেপিৰ উন্নয়নমূলক কাম-কাজসমূহৰ ক্ষতিয়ান ঘৰে ঘৰে গৈ ৱাৰ্ডৰ লগতে ১৯ খন গাওঁৰ প্ৰতিটো স্থানীয় ৰাইজক অৱগত কৰে । এই অভিযানত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিবলৈ আনন্দিত অনুভৱ কৰাৰ উপৰি শাসকীয় কৰ্মৰাজিৰ শিতান জানিবলৈ পায় ।

আনহাতে এই অভিযান ক্ষীপ্ৰতাৰে সম্প্ৰতি চলি আছে যদিও দুদিনৰ ভিতৰত সকলো গাওঁ সামৰি গাওঁ চলো অভিযান কাৰ্যসূচী সামৰণি পৰিব । ২৫ ফেব্ৰুৱাৰী পৰা সমষ্টিটোৰ হিতাধিকাৰীসকলৰ বাবে হিতাধিকাৰী সম্পৰ্ক অভিযান আৰম্ভ হ'ব বুলি দলীয় ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য গৰাকীয়ে জানিবলৈ দিয়ে ।

ৰঙিয়াত বিজেপিৰ গাওঁ চলো অভিযান কাৰ্যসূচী
গোলাঘাটত অগপৰ নৱনিৰ্মিত জিলা কাৰ্যালয় মুকলিঃ যোগদান কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in