/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9c38e7ca-2b25-4b19-8b98-6003ec630319/drugs_11.jpg)
বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মহিলা আটকঃ জব্দ নগদ ধন, তিনিখনকৈ বাহন...
চামগুৰিৰ গেৰুৱামুখৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
চামগুৰিৰ খাটোৱাল আৰু চামগুৰি আৰক্ষীৰ যৌথ অভিযানত চলিছিল অভিযান।
ধৃত ড্ৰাগছৰ বেহাৰ সৈতে জড়িত এগৰাকী মহিলা।
ধৃত মহিলাগৰাকী গেৰুৱামুখ নাথগাঁৱৰ হালিমা খাতুন।
মহিলাগৰাকীৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে ৩৬ টাকৈ ড্ৰাগছভৰ্তি চাবোনৰ বাকছ।
জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক মূল্য ১০ লক্ষাধিক টকা।
আৰক্ষীয়ে লগতে জব্দ কৰে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত দুখনকৈ চাৰি চকীয়া বাহনসহ এখন মটৰচাইকেল।
ইয়াৰোপৰি হালিমা খাতুনৰ পৰা জব্দ প্ৰায় ১ লাখ ৯০ হাজাৰ নগদ ধন।
অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Also Read: ভূপেন বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈলৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বাম্পাৰ অফাৰ...