ডিজিটেল ডেস্কঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক ২৫ কোটি টকাৰ ঠিকাৰ অফাৰ আগবঢ়াইছে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। নগাওঁ জিলাৰ কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এই অফাৰ আগবঢ়াইছে জয়ন্ত মল্লবৰুৱাই।
উল্লেখ্য যে নগাওঁ জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই দলত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল ১২ কোটি টকাৰ ঠিকা লাভ কৰাৰ বাবেই সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াত মন্ত্ৰী বৰুৱাই কয় মন্ত্ৰী হিচাপে ময়েই জল জীৱন মিচনৰ ২৫ কোটি টকাৰ ঠিকা দিব পৰা হৈ আছো। ভূপেন বৰাক আহ্বান জনাইছো ২৫ কোটিৰ ঠিকা লওক আৰু বিজেপিত যোগদান কৰক।
কেৱল সেয়াই নহয়, তেওঁ ৰকিবুল হুছেইনক ৩০ কোটি, গৌৰৱ গগৈক ৪০ কোটি টকাৰ ঠিকা দিয়াৰ কথা কৈ তেওঁলোককো বিজেপিত যোগদান কৰিবলৈ কয়। লগতে তেওঁ কয়,আজিৰ দিনত ভাৰতীয় সভ্যতা, সংস্কৃতিক বিশ্বাস কৰা মানুহে কংগ্ৰেছ দল কৰিব নোৱাৰে। প্ৰত্যেকজন ভাৰতীয় মানুহে বিজেপিত যোগদান কৰিব পাৰি নেকি সেই বিষয়ে ভাবি আছে।
মন্ত্ৰীগৰাকীয়ে কয়, আজিৰ তাৰিখত তেওঁলোকে যাকেই দলত ল'ব বিচাৰে তেওঁলোকেই দললৈ আহিব। কিছুমান মানুহক দলত ল'ব নোৱাৰো। তেওঁলোকে যিদৰে আশা কৰে সেইদৰে স্থান দিব নোৱাৰো। এনেধেৰণৰ ৰাজনৈতিক উচ্চাকাংক্ষা থকা মানুহক এতিয়া ল'ব পৰা নাই।