/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/86be10fd-fc8b-447d-93f8-4ea18ea37cef/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক, ক্ৰীড়া সংগঠক সহজানন্দ ওজা আৰু নাই। ভাৰতীয় ক্ৰিকেট দলৰ টীম মেনেজাৰ হিচাবে দ্বায়িত্ব পালন কৰিছিল প্ৰয়াত ওজাই। এডিপি কলেজৰ প্ৰাক্তন উপাধ্যক্ষ আছিল তেওঁ। নগাঁৱৰ পৰা প্ৰকাশিত "আমাৰ নগাঁও" নামৰ কাকতখনকৰ সম্পাদনাৰ সৈতেও জড়িত আছিল এইগৰাকী বিশিষ্ট সাংবাদিক।
নগাঁও চহৰৰ মনসা মন্দিৰৰ ওচৰত থকা নিজা বাসভৱনত সোমবাৰৰ নিশা ৯ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ ক্ৰীড়াৰ লগতে শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত আছিল ওজা ৷ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত উপধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা সহজানন্দ ওজা নগাঁও শিক্ষণ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ সৈতে জড়িত আছিল ৷ ইয়াৰ বাহিৰেও নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি হিচাবেও তেওঁ দায়িত্ব পালন কৰিছিল ৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। ওজাই ইহ সংসাৰত পত্নী আৰু দুই পুত্ৰক এৰি থৈ গৈছে ৷ বিশিষ্ট ক্ৰীড়া সংগঠক তথা শিক্ষাবিদগৰাকীৰ মৃত্যুত নগাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে।