ৰঙাজানৰ পৰা নুমলীগড়লৈ ৮ ঘণ্টীয়া পথ বন্ধ ঘোষণা

ৰঙাজানৰ পৰা নুমলীগড়লৈ ৮ ঘণ্টীয়া পথ বন্ধ ঘোষণা

ডিজিটেল সংবাদ,গোলাঘাট : নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষই সোমবাৰে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলযোগে উল্লেখ কৰে যে, এখন অতিশয় গধূৰ আৰু উন্নত প্ৰযুক্তিৰ বাহনে নুমলীগড় শোধনাগাৰ ধনশিৰি নদীৰ জাহাজ ঘাটৰ পৰা শোধনাগাৰলৈ স্থলপথেৰে মঙলবাৰে পুৱা ৫ বজাত ৫২১ মেট্ৰিকটন ওজনৰ এটা ৰিয়েক্টৰ কঢ়িয়াই আনিব।

সেয়েহে মঙলবাৰে পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আধা ঘণ্টা আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ পুৱা ৫ বজাৰ পৰা দুপৰীয়া ২ বজালৈ যান বাহনৰ চলাচল বন্ধ থাকিব ৷ বিশেষকৈ ডিমাপুৰ দিশৰ পৰা অহা বাহনসমূহ গোলাঘাট হৈ ধোদৰ আলিৰে কমাৰ গাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ওলাই গুৱাহাটী অথবা যোৰহাট অভিমুখে যাব পাৰিব ৷

আনহাতে সৰু বাহনসমূহ আৰু জৰুৰীকালীন বাহনসমূহ পাৰ হৈ যোৱাৰ বাবে গোলাঘাট জিলা প্ৰশাসনে সময়ে সময়ে ক্ৰচিঙৰ ব্যৱস্থা কৰিছে ৷ কাইলৈ কালিয়নী নদীৰ কানাইঘাটত অধিক ব্যাসাৰ্দ্ধ আৰু ওজনৰ ৰিয়েক্টৰটো ৰখোৱাৰ ব্যবস্থা কৰাৰ লগতে বুধবাৰে পুনৰ নুমলীগড় শোধনাগাৰ প্ৰকল্পলৈ ৰিয়েক্টৰটো লৈ যোৱাৰ ব্যবস্থা কৰিছে ৷

এই সময়চোৱাতো ৰঙাজানৰ পৰা নুমলীগড় পৰ্যন্ত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া ৰাইজ তথা স্থানীয় ৰাইজৰ সহযোগিতা কামনা কৰিছে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই।

ৰঙাজানৰ পৰা নুমলীগড়লৈ ৮ ঘণ্টীয়া পথ বন্ধ ঘোষণা
গহপুৰত ডি এম আই টি পৰীক্ষাৰ শাখা কেন্দ্ৰৰ দ্বাৰ মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in