আঘোণৰ বতৰত হাতীচোং-কাছমাৰী মৌজাৰ কৃষকৰ দুখ লগা কাহিনী

আঘোণৰ বতৰত  হাতীচোং-কাছমাৰী মৌজাৰ কৃষকৰ দুখ লগা কাহিনী

ডিজিটেল সংবাদ,বেবেজীয়া : এতিয়া আঘোণ মাহ। আঘোণ মাহ বুলিলেই কৃষকৰ গাত তত নাইকিয়া হয় । এই সময়ত পথাৰৰ লখিমীক ঘৰলৈ অনাৰ সময়। আঘোণৰ বতৰত কৃষকসকল ব্যস্ত হৈ পৰে পথাৰৰ সোণগুটি চপোৱাত।

ৰাজ্যখনৰ লগতে নগাঁও জিলাতো এতিয়া কৃষকৰ সীমাহীন ব্যস্ততা। জিলাখনৰ বিভিন্ন স্থানত কৃষকে পথাৰৰ লখিমী চপাই ঘৰলৈ অনাত ব্যস্ত যদিও আন একাংশ স্থানত কৃষকে পথাৰৰ লখিমী চপাবলৈ গৈ হা-হুমুনিয়াহ কাঢ়িব লগা হৈছে। জিলাখনৰ এই অঞ্চলসমূহ খৰাং পৰিস্থিতিৰ বাবে কৃষকে শালি ধানৰ কঠিয়া ৰোপন কৰাৰ পিছতো ভালদৰে শালি ধানৰ খেতি নহ'ল বুলি জানিবলৈ দিয়ে।

যাৰ বাবে শালি ধান চপোৱা ভৰপক সময়তো অঞ্চলটোৰ লোকসকলে শালিধানৰ খেতি চপাব নোৱাৰিলে। জিলাখনৰ হাতীচোং মৌজাৰ চকলাঘাত,হাঁহ চৰা পথাৰ, টোকোৰাবাহী, ভোগবাৰী, নসত্ৰ,আলিছিঙা আৰু কাছমাৰী মৌজাৰ বহুৱাভেটি, কাছমাৰী ,বামুণ গাওঁ,জলময়গাও, বাংঠাইকে ধৰি বহু কেইখন গাঁৱৰ কৃষকে শালি ধানৰ খেতি চপাব নোৱাৰিলে।

উল্লেখ যে চলিত বৰ্ষত নগাঁও জিলাত বৰষুণৰ পৰিমাণ যঠেষ্ট হ্ৰাস পাইছে ফলত বাম চানেকিয়া মাটিত শালি ধানৰ খেতি ভাল নহল। ইপিনে শেতালী পথাৰ, জামুগুৰি ডিমৌআটি পথাৰ, পেটবহা, জাগিয়াল,ফুলগুৰি, বালিসৰা, কাছমাৰী, কুঁজাৰবৰী , বালিসৰা,ৰহধলা পথাৰ আদি অঞ্চলৰ দ চানেকীয়া মাটিত কৰা শালি ধানৰ খেতি পানীৰ বাবে চপাব পৰা নাই।

এনে পৰিস্থিতিৰ বাবে কৃষকৰ মাজত হাহাকাৰসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। শালি ধানৰ খেতি কৰি ক্ষতিৰ সন্মুখীন হোৱা এই কৃষক পৰিয়ালসমূহক ক্ষতিপূৰণ দিবলৈ কৃষক ৰাইজে চৰকাৰক দাবী জনাইছে।

আঘোণৰ বতৰত  হাতীচোং-কাছমাৰী মৌজাৰ কৃষকৰ দুখ লগা কাহিনী
ইয়ং ষ্টাৰ ক্লাৱ ধূপগুৰীৰ উদ্যোগত অনুষ্ঠিতব্য যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in