ইয়ং ষ্টাৰ ক্লাৱ ধূপগুৰীৰ উদ্যোগত অনুষ্ঠিতব্য যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন

অহা ২৬ ডিচেম্বৰ পৰা নতুনৰ বছৰৰ ৫ জানুৱাৰীলৈ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হ'ব।
ইয়ং ষ্টাৰ ক্লাৱ ধূপগুৰীৰ উদ্যোগত অনুষ্ঠিতব্য যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ,সৰভোগ : সৰভোগৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ইয়ং ষ্টাৰ ক্লাৱ ধূপগুৰীৰ উদ্যোগত আৰু ভালুকী-বালাভিঠা যুৱ সংঘৰ সহযোগত আয়োজন কৰিবলৈ লোৱা হৈছে ধূপগুৰী যুৱ মহোৎসৱ। মংলবাৰে যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। কাৰ্য্যসূচীত সভাপতিত্বত কৰে জাকিৰ হুছেইন চৌধুৰীয়ে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে বালাভিঠা সমাজকৰ্মী আব্দুল ৰৌফ,বৰপেটা জিলা আমছুৰ সভাপতি আব্দুল জুব্বাৰ,ৰায়পুৰ আৰু ভালুকী দুয়োখন গাঁৱৰ গাঁওপ্ৰধান আব্দুল কাদেৰ, বালাভিঠা গাঁৱৰ গাঁওপ্ৰধান সদৰ আলী, কলহভাঙা পঞ্চায়তৰ সভাপতি আবু তাহেৰ, ৰায়পুৰ গাঁৱৰ সমাজকৰ্মী আনোৱাৰ হুছেইন আৰু বিভিন্ন গাঁৱৰ অতিথিসকল।

উল্লেখযোগ্য যে বৰপেটাৰোড আৰু হাউলি ৰাস মহোৎসৱৰ আনন্দ উপভোগৰ পিছতে বালাভিঠা আৰু ভালুকী শালমাৰাৰ মাজমজিয়া ধূপগুৰীত আহি আছে যুৱ মহোৎসৱ। উদ্যোক্তাসকলে জনোৱামতে, অহা ২৬ ডিচেম্বৰ পৰা নতুনৰ বছৰৰ ৫ জানুৱাৰীলৈ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হ'ব।

যুৱ মহোৎসৱত গ্ৰন্থ বিপিনীৰ লগতে বাণিজ্যিক মেলা দোকান-পোহৰ আৰু ৰাইজক উৎসাহিত কৰাৰ বাবে থিয়েটাৰ আৰু বিভিন্ন প্ৰদৰ্শনীমূলক কাৰ্য্যসূচী থাকিব। আয়োজক সমিতিৰ ফালৰ পৰা সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰাৰ উপৰি সমূহ কাৰ্য্যসূচীতে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

ইয়ং ষ্টাৰ ক্লাৱ ধূপগুৰীৰ উদ্যোগত অনুষ্ঠিতব্য যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন
মণিপুৰত হিংসাত্মক ঘটনা : আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক মণিপুৰলৈ বদলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in