চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা দীপক বৰাৰ কৰুণ কাহিনী...

চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা দীপক বৰাৰ কৰুণ কাহিনী...

author-image
Asomiya Pratidin
New Update
চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা দীপক বৰাৰ কৰুণ কাহিনী...

ডিজিটেল সংবাদ, কামপুৰঃ বৰ্তমানৰ চৰকাৰেখনে প্ৰতিদিনে ন ন আঁচনিৰ সৃষ্টি কৰি আৰম্ভ কৰিছে হিতাধিকাৰীৰ ৰাজনীতি। কিন্তু প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী আঁচনি সুবিধা লাভ কৰিছেনে তাক লৈ এতিয়া সৰ্বত্ৰে উত্থাপিত হৈছে প্ৰশ্ন। নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ চাংচকী পঞ্চায়তৰ পুৰনি দেউৰীগাঁৱৰ দীপক নামৰ লোকজনৰ দুৰৱস্থাই চৰকাৰখনৰ উন্নয়নৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে।

Advertisment

উল্লেখ যোগ্য যে ২০২২ চনৰ মে -জুন মাহত হোৱা প্ৰলংকাৰী বানে দীপক বৰাৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি লৈ যায়। ফলত লোকজনে ৰুগীয়া মাতৃক লৈ দুখে কষ্টৰে এখন টিংৰ চালি দি দিন অতিবাহিত কৰিবলগীয়া হৈছে। জানিব পৰা মতে, দীপকৰ মাতৃ দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে।

বানপানীৰ শুকোৱাৰ পিছত দীপকৰ ঘৰলৈ লাট মণ্ডল, পঞ্চায়তৰ মুৰব্বীৰ লগতে বহু বিষয়া আহি নিৰীক্ষণ কৰিছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ধৰণে ক্ষতিপূৰণ নাপালে দীপকে। বানপানীৰ সাহাৰ্যৰ পৰা বঞ্চিত হোৱা দীপকে এটা প্ৰধান মন্ত্ৰী আৱাসগৃহৰ বাবেও স্থানীয় চাংচকী পঞ্চায়ত আৰু কঠীয়াতলী উন্নয়ন খণ্ডৰ কাষ চাপিছিল যদিও সেইফালৰ পৰাও বিশেষ সহাৰি নোপোৱাৰ অভিযোগ কৰিছে দীপক বৰাই।

ইঘৰ সিঘৰত কাম কৰি উপাৰ্জন কৰি দীপকে ৰুগীয়া মাকৰ ঔষধ যোগানকে ধৰি দৈনিক খোৱা-বোৱা যোগাৰ কৰি আহিছে। কিন্ত পৰিয়ালটোৰ নামত নাই অৰুণোদয়কে ধৰি আন চৰকাৰী আঁচনি। দীপকৰ বৃদ্ধ মাতৃৰ নামত নাই বৃদ্ধ পেঞ্চন। বৃহস্পতিবাৰে দীপক বৰাৰ বাসগৃহত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা ।বৰাই বানত গৃহহাৰা হোৱা দীপক বৰাৰ লগতে অন্য সকলৰ বাবেও তৎকালে চৰকাৰক ব্যৱস্থা লোৱাৰ বাবে দাবী জনাই।

Also Read: মন্ত্ৰী কেশৱ মহন্তৰ সভাত চিঞৰি চিঞৰি ক্ষোভ উজাৰিলে মহিলাই