/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/4fe242e3-3b3f-4778-a8a2-4f8fcffd57bb/1.jpg)
ডিজিটেল সংবাদ, নগাঁও: বৃহস্পতিবাৰে নগাঁৱৰ নেহৰুবালিত বৃহৎ জনসভাত বিতৰণ কৰা হ’ল অৰোণোদয় আঁচনিৰ হিতাধিকাৰীক অনুমোদন পত্ৰ। সভাৰ মুখ্য অতিথি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই মঞ্চত হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ কৰি থকাৰ সময়তে সৃষ্টি হ’ল এক অনাহুত পৰিস্থিতি৷
মঞ্চৰ নিচেই কাষতে একাংশ মহিলাই অৰুণোদয় আঁচনিৰ লগতে চৰকাৰী আৱাসগৃহ আৰু চৰকাৰী চাউলৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিয়ে ধন দাবী কৰাৰ অভিযোগ তুলি ক্ষোভ উজাৰে মন্ত্ৰীগৰাকীৰ সন্মুখত। বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মহিলা কেইগৰাকীয়ে চিঞৰি চিঞৰি মন্ত্ৰী গৰাকীক আপত্তি দৰ্শাই কি দৰে তেওঁলোকে চৰকাৰী আঁচনি সমূহৰ পৰা বঞ্চিত হৈ আছে সেই বিষয়ে জনায়।
এই অনাহুত পৰিস্থিতিত অস্বস্তিত পৰে শান্তি শৃংখলাৰ দায়িত্বত থকা জিলা প্ৰশাসনৰ বিষয়া বৰ্গ। বিষয়াসকলে মহিলা কেইগৰাকীক সংবাদ মাধ্যমৰ পৰা আতৰাই নিয়াৰ চেষ্টা চলাই যদিও মহিলা কেইগৰাকীয়ে চিঞৰি চিঞৰি তেওঁলোকৰ ক্ষোভ উজৰা পৰিলক্ষিত হয় ৷
Also Read: বিশ্বকাপত হাইভ'ল্টেজ মেচ : অষ্ট্ৰেলিয়াৰ পেচ আক্ৰমণ বনাম দক্ষিণ আফ্ৰিকাৰ বেটিং বিক্ৰম