নগাঁৱত টোল কৰ আৰু বেদখল সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাৰ প্ৰতিক্ৰিয়া...

নগাঁৱত টোল কৰ আৰু বেদখল সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাৰ প্ৰতিক্ৰিয়া। চৰকাৰে ইয়াক লৈ কিবা এটা সিদ্ধান্ত ল'ব।

author-image
Asomiya Pratidin
New Update
নগাঁৱত টোল কৰ আৰু বেদখল সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাৰ প্ৰতিক্ৰিয়া...

ডিজিটেল সংবাদ, বেবেজীয়া: সমগ্ৰ ৰাজ্যতে বৰ্ধিত টোল কৰক লৈ চৰ্চা অব্যাহত থকাৰ সময়ত দেওবাৰে নগাঁৱত টোল কৰ সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰে। তেওঁ কয় যে, টোল কৰ বৃদ্ধিয়ে জনসাধাৰণৰ অসুবিধা হয় চৰকাৰে এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰি আছে নিশ্চয় ইয়াক লৈ এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

আনহাতে নগাঁৱত বেদখল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ বিধায়ক গৰাকীয়ে বৰ্তমান নগাঁও জিলাত প্ৰায় ২ লাখ বিঘা চৰকাৰী ভূমি বেদখলকাৰীয়ে বেদখল কৰি আছে মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই। অৱশ্যে কিছু চৰকাৰী ভূমি বেদখল মুক্ত হৈছে। বিধান সভাত কৰা এক প্ৰশ্নৰ উত্তৰত ৰাজহ মন্ত্ৰী যোগেন মহনে এই তথ্য দিয়া বুলি বিধায়কজনে সদৰী কৰে।

Also Read: ওদালগুৰি জিলাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত...

ASSAM GOVERNMENT