ওদালগুৰি জিলাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত...

দেওবাৰে ওদালগুৰি জিলাৰ পানেৰীৰ অনুষ্ঠিত হয় অসম মন্ত্ৰীসভাৰ বৈঠক।

author-image
Asomiya Pratidin
New Update
APDCL লৈ ১৫০ কোটি, স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে ২,৫২৯.১৭ কোটিত অনুমোদন..

চাওঁক অসম চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ সবিশেষ...

ডিজিটেল ডেস্ক: দেওবাৰে ওদালগুৰি জিলাৰ পানেৰীৰ অনুষ্ঠিত হয় অসম মন্ত্ৰীসভাৰ বৈঠক। বৈঠকত চাহ জনজাতি কল্যাণ বিভাগৰ নাম সলনি, ৰাজহুৱা সেৱা প্ৰদান নিশ্চিতকৰণ, বিভিন্ন বিভাগত নিযুক্তিৰ ফলাফল ঘোষণা আদিকে সিদ্ধান্ত গ্ৰহণ কৰে।

Advertisment

এই সিদ্ধান্ত সমূহ হ'ল--

•অহা ৬ মে'ত ৫১,৩৯৭ টা নিযুক্তি পদৰ ফলাফল ঘোষণা কৰা হ'ব; ইয়াৰে

-আৰক্ষী বিভাগৰ ৫,৭৩০ গৰাকী

-স্বাস্থ্য বিভাগৰ ৫,৭৯৯ গৰাকী

-শিক্ষা বিভাগৰ ১৪,২৪২ গৰাকী

-নিযুক্তি আয়োগৰ জড়িয়তে তৃতীয় বৰ্গৰ ১১,৪৪৬ গৰাকী আৰু চতুৰ্থ বৰ্গৰ ১৪,২৮১ গৰাকী

আনহাতে অসম লোকসেৱা অধিকাৰ (সংশোধনী) অধ্যাদেশ, ২০২৩ত অনুমোদন দিয়াৰ কথা ঘোষণা কৰে। এই অধ্যাদেশৰ জড়িয়তে অসম লোকসেৱা অধিকাৰ আইন, ২০১৯ সংশোধন কৰি দ্যা আছাম ষ্টেট কমিশ্ব্যন ফৰ্ ৰাইট টু পাব্লিক গঠন কৰা হয়।

কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্রীয়ে সংবাদমেল যোগে ঘোষণা কৰা অনুসৰি, বি টি আৰৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে ৫০০ কোটি টকাৰ অনুমোদন কৰে। তদুপৰি ২০০ কোটি ব্যয় সাপেক্ষে বৃহৎ পানী যোগান প্রকল্প নিৰ্মাণ কৰিব বুলিও ঘোষণা কৰে। ৫৫ কোটি টকা ব্যয়েৰে ওদালগুৰিত ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথাও অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Also Read: জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ লৈ জীৱনজোৰা সংবাদ সাধনা বঁটা...

ASSAM GOVERNMENT