/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/24ecddb9-bfce-4d64-b8d9-abe384a747bb/1.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ পূৱ-নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দেওবাৰে নগাঁও চহৰৰ আমোলাপট্টিৰ ৮ নং ৱাৰ্ডত ৬০গৰাকী কৃৰ্তিমন্ত শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা।
২০২৪বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে শিক্ষাৰ্থী সকল হ'ল ভৱিষ্যতৰ সমাজ গঢ়োতা। সমাজখন আগবঢ়াই নিয়াৰ দিশত তেওঁলোকৰ কৰিবলগা বহু কাম আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1f113347-5ad4-495d-b432-433e1412dd12/3475be91-fa66-4251-b0ed-951347d6da0f.jpg)
পূৱ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। সভাত বিধায়ক ৰূপক শৰ্মাই আকৌ কয় যে গ্ৰন্থ অধ্যয়ণ কৰাটো শিক্ষাৰ্থীৰ প্ৰথম আৰু প্ৰধান দ্বায়িত্ব । কম্পিউটাৰ আৰু মবাইলত পোৱা জ্ঞানতকৈ কিতাপ পঢ়ি পোৱা জ্ঞানৰ প্ৰয়োজন অধিক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c511ba70-186f-4362-9ab6-309f030f72d5/4a7b844b-32f5-4707-bdfb-cf15b15d5c6d.jpg)
সভাত নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক-নিবন্ধকাৰ নৱ কুমাৰ মহন্তই ভাষণ প্ৰসংগত কয় যে মাৰ্কশ্বিটৰ নম্বৰতকৈ জ্ঞানৰ পৰিসীমা বেছি কৰিব লাগে। কাৰণ জ্ঞান বিলাই দিব পাৰি। লগতে মহন্তই কয় যে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে শিক্ষাৰ্থীয়ে বুৰঞ্জী আৰু ভূগোল বিষয়ক গুৰুত্ব দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক প্ৰকৃত মানুহ হ'বলৈকো আহ্বান জনায় ।
সভাত ৰত্নকান্ত বৰকাকতি হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী তৃষ্ণা বৰা,নগাঁও পৌৰ-সভাৰ কাৰ্যবাহী বিষয়া পংকজ ভূঞা, শিক্ষক প্ৰাণকৃষ্ণ শৰ্মা, যতীন্দ্ৰ চন্দ্ৰ দাস, অশ্ৰুমণি বৰা প্ৰমূখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে সম্বৰ্ধনা অনুষ্ঠানত কৃৰ্তি শিক্ষাৰ্থীসকলক একোখনকৈ গামোছা আৰু মান-পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । সভাত অঞ্চলটোৰ ভালে সংখ্যক গণ্য-মান্য ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক-অভিভাৱিকা সকলো উপস্থিত থাকে ।
Also Read: ইৰানৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ সন্ধানহীন..