কংগ্ৰেছৰ দিনত দৈনিক দুই তিনিটাকৈ গড় মৰিছিল : বিধায়ক ৰূপক শৰ্মা

কংগ্ৰেছৰ দিনত দৈনিক দুই তিনিটাকৈ গড় মৰিছিল : বিধায়ক ৰূপক শৰ্মা

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই বিজেপিত যোগদান কৰাৰ পিছত কংগ্ৰেছ আৰু বিজেপিৰ মাজত বাকযুদ্ধ অব্যাহত আছে ৷ কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে বিজেপিৰ একাংশ লোকৰ বিৰুদ্ধে ইডি আৰু আৰু চিবিআইৰ দ্বাৰা তদন্ত কৰিব বুলি কৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপি বিধায়ক ৰূপক শৰ্মাই ৷

শৰ্মাই কয় যে, আমি জনাত কংগ্ৰেছ চৰকালৈ কেতিয়াও নাহে, কংগ্ৰেছক কফিন খান্দি কবৰ দিছে। এই দলৰ চৰকাৰ ভৱিষ্যতে আৰু কেতিয়া নাহে য। মঙলবাৰে নগাঁৱত সাংবাদিকৰ আগত এই মন্তব্য কৰে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। জিলাখনৰ নুৰুল আমিন খেলপথাৰত খেল মহাৰণ ২০২৩ মুকলি কৰি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দি কয় যে কংগ্ৰেছৰ কলা ইতিহাসৰ পৰিবৰ্তে বিজেপিৰ উন্নয়ন ৰাইজে দেখা পাইছে।

ৰাইজে কলা দিনৰ পুণৰা বৃত্তি নিবিচাৰে। মানুহে ভয় খায় কংগ্ৰেছৰ চৰকাৰ আহিব নেকি, কাৰণ কংগ্ৰেছৰ দিনত কাজিৰঙাত গড় হত্যা কৰিছিল। দৈনিক দুটা তিনিটা গড় মাৰিছিল। কিন্তু এতিয়া গঁড় নমৰে। কাৰণ কংগ্ৰেছ এতিয়া শাসনত নাই শাসনত এতিয়া বিজেপি চৰকাৰ বুলি কৈ কংগ্ৰেছক কতাক্ষ কৰে বিধায়ক ৰূপক শৰ্মাই ৷

কংগ্ৰেছৰ দিনত দৈনিক দুই তিনিটাকৈ গড় মৰিছিল : বিধায়ক ৰূপক শৰ্মা
ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহিলা আৰু নিবনুৱা যুৱক-যুৱতীৰ মাজত মেচিন আৰু ই-ৰিক্সা বিতৰণ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in