উদ্যমী মহিলা আৰতি সুতৰ ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

উদ্যমী মহিলা আৰতি সুতৰ ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

author-image
Asomiya Pratidin
New Update
উদ্যমী মহিলা আৰতি সুতৰ ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

ডিজিটেল সংবাদ, উৰিয়া গাঁও: নগাওঁ জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত তুলসীমুখ দেউৰী গাঁৱত উদ্যমী মহিলা আৰতি সুতৰ ব্যৱসায়িক প্ৰতিষ্ঠান "জলপান" মাতৃভাণ্ডাৰ আৰু মাতৃ ফার্মিঙৰ সোমবাৰে শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে মহিলা গৰাকীৰ বাসগৃহ প্ৰাংগণত এক গ্ৰাম্য উদ্যোগী সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ শুভ উদ্ধোধন কৰে।

Advertisment

সভাত ভাষণত বিধায়ক শৰ্মাই কয় যে, নগাঁৱৰ তুলসীমুখ দেউৰীগাঁৱৰ আৰতি সুত এগৰাকী উদ্যমী,আৰ্দশ মহিলা। আৰতি সুতে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেদি জীৱন সংগ্ৰামত অৱৰ্তীন হৈ বৰ্তমান আন ১০গৰাকী মহিলাৰ বাবে আৰ্দশ হৈ পৰিছে। কম দিনৰ ব্যৱধানতে নিজ পিতৃক হেৰুৱাই দিশহাৰা হৈ পৰা মহিলাগৰাকীয়ে পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজ ভগ্নীৰ সৈতে অতি কষ্টৰে কৃষি কৰ্মত মনোনিবেশ কৰি প্ৰথম অৱস্থাত তামোল পানৰ খেতিৰ পৰা আৰম্ভ কৰি পৰৰ্বতী সময়ত কুকুৰা ফাৰ্ম, গাহৰি ফাৰ্ম, ফিচাৰী আদিৰে নিজকে স্বাৱলম্বী কৰি তোলাৰ পথ উলিয়াইছিল। নিজৰ লগতে আনকো স্বাৱলম্বী কৰাৰ মানসেৰে এগৰাকী আদৰ্শ মহিলা হিচাপে তেওঁ যিখিনি কৰ্ম কৰিছে, সেই আদৰ্শ বাকী যুৱক-যুৱতী সকলেও লোৱা উচিত বুলি তেওঁ মন্তব্য কৰে।

নাট্যকাৰ, পৰিচালক ইমৰান হুছেইনে আঁত ধৰা সভাখনত বিধায়ক শৰ্মাই আৰু কয় যে, বৰ্তমান উদ্যমী মহিলা আৰতি সুতে নিজকে আত্মনির্ভৰশীল কৰাৰ পৰিকল্পনাৰে 'মাতৃ ভাণ্ডাৰ', মাতৃ ফাৰ্মিঙ' আৰু 'জলপান' শীৰ্ষক যি তিনিটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰিছে। ই এক ইতিবাচক দিশ। মহিলা গৰাকীয়ে আৰম্ভ কৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ যোগেদি উঠি অহা প্ৰজন্ম অনুপ্ৰাণিত হ'ব।

ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই উদ্যমী মহিলা আৰতি সুতক ব্যৱসায়িক দিশত চৰকাৰীভাৱে সাহায্য দিয়াৰ চেষ্টা কৰিম বুলি সভাত উল্লেখ কৰে। সভাত আৰতি সুতৰ "জীৱন জীৱিকা আৰু অন্যান্য" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ শৰৎ দত্তই। সভাত ইণ্ডিয়া অভাৰছিছ বেংকৰ অৱসৰপ্ৰাপ্ত মহা প্ৰবন্ধক ডঃ সমীৰ বৰুৱাই অংশগ্ৰহণ কৰি নিবনুৱা সকলে বেংকৰ পৰা কেনেদৰে ঋণ লৈ ব্যৱসায়িক দিশত মনোনিবেশ কৰি নিজকে আত্মনির্ভৰশীল কৰিব পাৰিৰ সেই বিষয়ে বক্তব্য দাঙি ধৰে।

সভাত নাট্যকাৰ,পৰিচালক অজিত বৰঠাকুৰ,নগাঁও জিলাৰ সহকাৰী আয়ুক্ত জ্যোতিকা কুমাৰী, পশু চিকিৎসক ক্ৰমে ডা: বিনয় বৰদলৈ, ডা: মুস্তাফা আহমেদ প্ৰমুখ্যে বহু লোক উপস্থিত আছিল।

Also Read: ৰাজ্যৰ বজাৰত আছেনে বৰপেটাৰ পৰিৱেশ অনুকূল ফটকা ?

nagaon