ৰাজ্যৰ বজাৰত আছেনে বৰপেটাৰ পৰিৱেশ অনুকূল ফটকা ?

ৰাজ্যৰ বজাৰত আছেনে  বৰপেটাৰ পৰিৱেশ অনুকূল ফটকা ?

স্মিতা ভৰালী

সমগ্ৰ দেশতে বৰ্তমান দীপাৱলীৰ উচাহ। শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত ২৪ লাখ বন্তি প্ৰজ্বলনেৰে উদযাপিত কৰা হৈছে দীপাৱলী। ভিন্ন ৰঙী আলোকেৰে উজলি উঠিছে দেশৰ লগতে সমগ্ৰ ৰাজ্য। দীপাৱলী উপলক্ষে চহৰ-নগৰ, গাওঁৱে-ভূঞে পোহৰৰ উৎসৱৰ উদ্দীপনা।

অসমৰ দীপাৱলী বুলিলে মনলৈ অহা প্ৰথম ধাৰণাতে থাকে সন্ধিয়া পদূলিয়ে পদূলিয়ে কলগছত জ্বলি উঠা মাটিৰ চাকি আৰু বৰপেটাৰ আতচবাজীৰ কথা। বৰপেটাৰ আতচবাজী অবিহনে যেন আধৰুৱা অসমীয়াৰ দিপান্বিতাৰ উচাহ।

কিন্তু ক্ৰমাৎ যেন বজাৰৰ পৰা হেৰাই গৈছে বৰপেটাৰ আঁতচবাজীৰ চাহিদা। বহিঃৰাজ্যৰ পৰা অহা কম মূল্যৰ আৰু ৰঙ-বিৰঙী পেকেজিঙত অহা আঁতচবাজীয়ে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ক্ৰেতাৰ। এসময়ত যি বৰপেটাৰ আঁতচবাজীৰ বজাৰত এক সুকীয়া স্থান আছিল সেই আঁতচবাজী এতিয়া বজাৰত এপাচি শাকত এটা জালুকৰ লেখীয়া হৈছে।

উত্তৰ-পূবৰ ব্যৱসায়ীক ৰাজধানী গুৱাহাটীৰ আঁতচবাজীৰ বজাৰ ভৰি পৰিছে বেংগালুৰুৰ শিৱকাশীৰ পৰা অহা আঁতচবাজীৰে। কম মূল্য আৰু ৰঙচঙীয়া পেকেজিঙত থকা বহিঃ ৰাজ্যৰ এই ফটকাসমূহ সুলভ হ'লেও এই সমূহৰ তুলনাত অধিক উন্নত বৰপেটাৰ আঁতচবাজী। ১৮৮৫ চনতেই প্ৰতিষ্ঠা লাভ কৰা বৰপেটাৰ আঁতচবাজী উদ্যোগৰ আছে শতিকা পুৰণি আৰু পৰিৱেশৰ বাবে অধিক উপযোগী প্ৰস্তুত প্ৰণালী।

অসম চৰকাৰে ২০১১ চনত বৰপেটাৰ গণককুচি গাঁৱক আঁতচবাজী গাঁও হিচাপে স্বীকৃতি দিছিল। ১৮৮৫ চনত বৰ্তমানৰ বৰপেটা আঁতচবাজীৰ সমবায় সমিতিৰ সভাপতি গোপজিৎ পাঠকৰ ককা লক্ষীৰাম পাঠকে বৰপেটাত আৰম্ভ কৰিছিল আঁতচবাজী উদ্যোগ। তেতিয়াৰ পৰাই এই উদ্যোগটোত ব্যৱহাৰ হৈ আহিছে ১৩৮ বছৰ পুৰণি আঁতচবাজী নিৰ্মাণৰ চীনা পদ্ধতি। যি পদ্ধিতিৰে নিৰ্মিত ফটকাৰ প্ৰদূষণৰ মাত্ৰা বহিঃৰাজ্যৰ ফটকাৰ তুলনাত বহুত কম।

বৰপেটাত নিৰ্মিত হোৱা ফটকাসমূহ হৈছে সম্পূৰ্ণ হাতেৰে তৈয়াৰী। বৰপেটাত নিৰ্মত কলগছ সমূহৰ বাহিৰ ভাগ নিৰ্মাণ কৰা হয় মাটিৰে। যাৰ বাবে জ্বলোৱাৰ সময়ত এই কলগছ বিস্ফোৰণৰ ভয় নাথাকে। ইয়াৰ নিৰ্মাণত ব্যৱহাৰ হোৱা বাৰুদ সমূহ হ'ল প্ৰাকৃতিক পটাচিয়াম নাইট্ৰাইট, চালফাৰ আৰু এঙাৰ। প্ৰাকৃতিক পটাচিয়াম নাইট্ৰাইটসমূহ উৎপাদন কৰা হয় গো-মূত্ৰৰ পৰা যিবোৰ বহিঃৰাজ্যৰ ফটকাত ব্য়ৱহাৰ হোৱা কৃত্ৰিম পটাচিয়াম নাইট্ৰাইটৰ তুলনাত কম প্ৰদূষণমূলক আৰু ইয়াৰ শব্দ প্ৰদূষণৰ মাত্ৰাৱো কম। বৰপেটাৰ ফটকাসমূহত প্ৰকৃতিৰ বাবে অতি ক্ষতিকাৰক বেৰিয়াম নাইট্ৰাইটৰ ব্যৱহাৰ কৰা নহয়।

কিন্তু বহিঃৰাজ্যৰ বৃহৎ ফটকা উদ্যোগসমূহ বেৰিয়াম নাইট্ৰাইটৰ ব্যৱহাৰ নোহোৱাকৈ চলাতো প্ৰায় অসম্ভৱ। কাৰণ বেৰিয়াম নাইট্ৰাইটৰ ব্য়ৱহাৰ অবিহনে ফটকা এটা ৬মাহতকৈ বেছি সংৰক্ষণ কৰিব নোৱাৰি। সমগ্ৰ দেশতে ব্যৱসায় কৰা এই উদ্যোগসমূহে মুনাফাৰ স্বাৰ্থত প্ৰকৃতিৰ কথা চিন্তা কৰিব নোৱাৰে। কিন্তু এই ক্ষেত্ৰত বৰপেটাৰ প্ৰাচীন পদ্ধতি অধিক পৰিৱেশ অনুকূল।

বৰপেটাৰ ফটকা নিৰ্মাণত ব্যৱহাৰ হোৱা প্ৰায়বোৰ কেঁচা সামগ্ৰীয়ে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা হয়। যিয়ে ইয়াক অন্য আঁতচবাজী সমূহতকৈ পৃথক কৰে। বৰপেটাৰ আঁতচবাজী সমূহৰ পেকেজিঙত বাঁহ কাগজ ব্যৱহাৰ কৰা হয় যি সহজতে মাটিৰ লগত মিহলি হৈ যায়। কিন্তু বহিঃৰাজ্যৰ পৰা অহা ফটকাসমূহ অধিক আকৰ্ষণীয় কৰি তোলাৰ স্বাৰ্থত তাত ফইল পেপাৰ ব্যৱহাৰ কৰা হয়। এলমনিয়ামৰ দ্বাৰা নিৰ্মিত ফইল পেপাৰ এখন মাটিত মিহলি হ'বলৈ সময় লাগে প্ৰায় ৪০০ বছৰ। তাৰ তুলনাত বাঁহ কাগজ পৰিৱেশৰ বাবে অধিক উপযোগী হয়।

বিজ্ঞাপন আৰু ৰঙচঙীয়া পেকেজিঙত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে গুণগতমানৰ ফটকা নিৰ্মাণ কৰা বৰপেটাৰ এই শতিকা পুৰণি উদ্যোগটোৰ লগত জড়িত আছে অন্য কেইবাটাও ক্ষুদ্ৰ উদ্যোগ। বৰ্তমান বৰপেটা জিলাত আতচবাজী উদ্যোগৰ লগত প্ৰায় ২৫০ মৃৎ শিল্পী জড়িত হৈ আছে। ইয়াৰ লগতে প্ৰায় ১০০ মহিলাই বৰপেটাত নিৰ্মিত ফুলজাৰিত ব্যৱহৃত এক বিশেষ সামগ্ৰী নিৰ্মাণত জড়িত হৈ আছে। লগতে জড়িত হৈ আছে বাঁহ কাগজ নিৰ্মাণ উদ্যোগ। বৰপেটা জিলাৰ প্ৰায় ১০০০ৰো অধিক পৰিয়াল এই আঁতচবাজী উদ্যোগৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে। বছৰি প্ৰায় ১কোটি টকাৰ ব্য়ৱসায় কৰা এই উদ্যাগটোৱে অসমৰ ৰাইজৰ লগতে চৰকাৰৰো সু দৃষ্টিৰ পৰা আঁতৰ হৈ গৈ আছে।

দেশত বৰ্ধিত প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি মহামান্য উচ্চতম ন্যায়ালয়েও পৰিৱেশৰ বাবে অধিক হানিকাৰক আঁতচবাজীৰ ব্যৱসায় আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। কিন্তু তাৰপাছতো ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি প্ৰকৃতিৰ বাবে ক্ষতিকাৰক এই আঁতচবাজী সমূহৰ চাহিদা বৃদ্ধি পাইয়ে আছে।

সম্প্ৰতি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "ভ'কেল ফ'ৰ ল'কেল" কেম্পেইনক ৰাইজে সহাঁৰি জনোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ মৃৎ শিল্পীসকলৰ ব্যৱসায় পূৰ্বৰ তুলনাত এইবাৰ কিছু ভাল হোৱাৰ আশা কৰা হৈছে। কিন্তু বৰপেটাৰ আঁতচবাজী উদ্যোগৰ ক্ষেত্ৰত ৰাইজৰ লোকেল প্ৰীতি যেন কৰবাত পিছপৰি আছে। বহিঃৰাজ্যৰ চকুত লগা আৰু অধিক শব্দ কৰা প্ৰকৃতিৰ বাবে প্ৰতিকূল ফটকাসমূহে পোহৰৰ উৎসৱক শব্দৰ উদযাপন কৰাত বেছি সহযোগ কৰিছে। অতি আৰু প্ৰাচীণ আৰু অনন্য পদ্ধতিৰে নিৰ্মিত বৰপেটাৰ এই থলুৱা উদ্যোগটোৰ প্ৰতি অসমীয়াৰ লোকেল প্ৰীতি জাগি উঠিলেহে শিৱকাশীৰ ফটকাৰ ঠাইত বৰপেটাৰ ফটকাই ৰাজ্যৰ লগতে বহিঃৰাজ্যতো বজাৰ দখল কৰিবলৈ সক্ষম হ'ব।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in