নগাঁও পৌৰসভাৰ জাবৰ কঢ়িওৱা বাহন,জেচিবি মুকলি বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও পৌৰসভাৰ জাবৰ কঢ়িওৱা বাহন ,জেচিবি মুকলি বিধায়ক ৰূপক শৰ্মাৰ

author-image
Asomiya Pratidin
New Update
নগাঁও পৌৰসভাৰ জাবৰ কঢ়িওৱা বাহন,জেচিবি মুকলি বিধায়ক ৰূপক শৰ্মাৰ

ডিজিটেল সংবাদ ,নগাঁও : লাচিত দিৱসৰ লগত সংগতি ৰাখি নগাঁও পৌৰসভাই শুকুৰবাৰে জাৱৰ নিষ্কাশনৰ বাবে মুকলি কৰে জে চি বি আৰু জাৱৰ কঢ়িওৱা বাহন। উল্লেখ্য যে লেপটপকাটা গেছ ক্ৰেকাৰ প্ৰকল্প‌ই পাঁচখন মিনি ট্ৰাক যোগান ধৰাৰ বিপৰীতে স্বচ্ছ ভাৰত অভিযানৰ অধীনত এখন মিনি জেচিবি আৰু এখন জেচিবি যোগান ধৰে।

Advertisment

এই সামগ্ৰী সমুহ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। ইয়াৰ পূৰ্বে বিধায়ক গৰাকীয়ে পৌৰসভাই আয়োজন কৰা লাচিত দিৱসৰ কাৰ্যসূচীত বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰে। পাচত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে আজি মুকলি কৰা জাৱৰ কঢ়িওৱা পাঁচখন মিনি ট্ৰাক আৰু দুখন জেচিবিয়ে নগাঁও চহৰখন অধিক স্বচ্ছ কৰি ৰখাত নিশ্চিত ভাবে সহায় কৰিব। চহৰখনখন চাফ চিকুণ কৰি ৰখাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিশেষ গুৰুত্ব প্ৰদান কৰি অহা বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে ।

ইপিনে, বিধায়ক শৰ্মাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সমালোচনা কৰি কয় যে এই দুয়োটা দলেই অসমৰ ৰাইজৰ শত্ৰু। নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলেই এটাই আনটোক গালি পাৰে। কিন্তু নিৰ্বাচনৰ সময়ত দুয়োটা দল ভাই ভাই হৈ যায়। তদুপৰি এই দুয়োটা দলে অসমৰ জাতীয় জীৱনৰ বাবে একো কাম কৰা নাই বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত বিজেপি জয়ী হ'ব বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে । নগাঁও পৌৰসভাৰ লাচিত দিৱস আৰু বাহন উদ্বোধনী কাৰ্যসূচীত পৌৰপতি অম্বিকা মজুমদাৰ, উপপৌৰপতি সীমান্ত বৰাৰ লগতে মহলা আয়ুক্ত সকল আৰু পৌৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

Also Read: ঋণ দিয়াৰ নামত সাংবাদিকৰ পত্নীৰ দাবী ৭৫০০ টকা! ৫ জনৰ বিৰুদ্ধে এজাহাৰ