ৰূপহীতলীৰ যুৱক সন্ধানহীন

ৰূপহীতলীৰ যুৱক সন্ধানহীন

author-image
Asomiya Pratidin
New Update
 ৰূপহীতলীৰ যুৱক সন্ধানহীন

ডিজিটেল সংবাদ,ৰহাঃ ৰহাৰ ৰূপহীতলীৰ পৰা এজন যুৱক শনিবাৰৰ নিশাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱকজন ৰূপহীতলীৰ মনোজ ডেকাৰ পুত্ৰ নিকুঞ্জ ডেকা(১৮)। পৰিয়ালে জনোৱা মতে Fastagত কৰ্মৰত যুৱকজনক শনিবাৰে নিশা ১০ বজাত কোনো গ্ৰাহকে Fastagৰ কামৰ বাবে ফোন কৰিছিল। লগে লগে যুৱকজন নিশা ঘৰৰ পৰা ওলাই যায়।

Advertisment

বহু দেৰিলৈ যুৱকজন ঘৰলৈ ঘূৰি নহাত মাকে নিকুঞ্জক ফোন কৰে। প্ৰথমে নিকুঞ্জই ফোন ধৰিছিল যদিও পিছত যুৱকজনৰ মোবাইল ফোন বন্ধ হৈ পৰে। তাৰ পিছৰে পৰা সন্ধান নাই নিকুঞ্জৰ। দেওবাৰে পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও যুৱকজনৰ সন্ধান নোপোৱাত অৱশেষত ৰহা থানাত এজাহাৰ দাখিল কৰিছে।

  User
User

একমাত্ৰ পুত্ৰৰ এনে আকস্মিক নিৰুদ্দেশত শোকত ভাগি পৰিছে পিতৃ-মাতৃ। কোনো লোকে যুৱকজনৰ সন্ধান পালে 6901421655 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Also Read: মফচলীয় সাংবাদিকতাত পাটাছাৰকুছিৰ গৌৰৱময় ৭১ বর্ষপূর্তি অনুষ্ঠান...

rupahitali