মফচলীয় সাংবাদিকতাত পাটাছাৰকুছিৰ গৌৰৱময় ৭১ বর্ষপূর্তি অনুষ্ঠান...

মফচলীয় সাংবাদিকতাত পাটাছাৰকুছিৰ গৌৰৱময় ৭১ বর্ষপূর্তি অনুষ্ঠান...
Published on
Updated on

ডিজিটেল সংবাদ,পাটাছাৰকুছিঃ এটা সামান্য ঋণাত্মক বাতৰিয়ে একোটা অঞ্চলৰ সুনাম নষ্ট কৰি পেলাব পাৰে আৰু ধনাত্মক বাতৰিয়ে সমাজত বহুত বাৰ্তা বিলাব পাৰে সেয়েহে বাতৰি প্ৰস্তুত কৰাৰ সময়ত বিভিন্ন দিশ চালি জাৰি চাইহে প্ৰস্তুত কৰিব লাগে৷ কিয়নো বাতৰি পৰিবেশন সাংবাদিক সকলৰ এক প্ৰকাৰ সমাজ সেৱা৷ বাতৰি এটা স্পৰ্শকাতৰ বিষয় ইয়াক প্ৰস্তুত কৰাৰ সময়ত সাংবাদিকতাৰ নীতি মানি চলাটো যথেষ্ট দৰকাৰ- এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ।

পাটাছাৰকুছি প্ৰেছ ক্লাবৰ উদ্যোগত দেওবাৰে পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মফচলীয় সাংবাদিকতাত পাটাছাৰকুছিৰ গৌৰবময় ৭১ বর্ষপূর্তি অনুষ্ঠানৰ স্মৰণিকা উন্মোচন আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷

স্থানীয় শিল্পী ভবেশ গোস্বামী আৰু সহযোগীৰ সহায়ত এটি বৰগীতেৰে আজিৰ সভাখন আৰম্ভণি কৰা হয়। পাটাছাৰকুছি প্ৰেছ ক্লাবৰ উপদেষ্টা, প্ৰাক্তন সাংবাদিক দিলীপ কুমাৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মফচলীয় সাংবাদিকতাত পাটাছাৰকুছিৰ গৌৰৱময় ৭১ বর্ষপূর্তি উপলক্ষে প্ৰকাশ কৰা আমিনুল হক আৰু উৎপল মেধি সম্পাদিত স্মৰণিকা কালিন্দী গংগা উন্মোচন কৰে অসম সাহিত্য সভাৰ শৰৎ চন্দ্ৰ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ আহ্বায়ক, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট নাট্যকাৰ ধ্ৰৱজ্যোতি শৰ্মাই।

উক্ত সভাখনত অতিথি হিচাপে উপস্থিত থাকে বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাস। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানৰ ৰাতিপুৱা পতাকা উত্তোলন কৰে প্ৰেছ ক্লাবৰ সভাপতি নৱকান্ত কলিতাই৷ ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে অসম চৰকাৰৰ ক্ৰীড়া সংগঠকৰ বঁটা প্রাপক শ্ৰীপদ চৌধুৰীয়ে।

প্রয়াত মফচলীয় সাংবাদিক ক্রমে ভুবনেশ্বৰ বৰ্মন, পৰমানন্দ গোস্বামী আৰু ছেৰিফউদ্দিন আহমদৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই বি এইচ মহাবিদ্যালয়, হাউলীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা প্রাক্তন মফচলীয় সাংবাদিক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, ভট্টদেৱ বিশ্ববিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক তথা প্রাক্তন মফচলীয় সাংবাদিক ড° কৰুণা মোহন শর্মা আৰু নৱজ্যোতি হাইস্কুলৰ সহকাৰী শিক্ষক মৃগেন বর্মনে৷ ৭১ গছি বন্তি প্রজ্বলন কাৰ্যসূচী মুকলি কৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°কৌশিক কুমাৰ ডেকাই৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীত পাটাছাৰকুছি অঞ্চলৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

উল্লেখ কৰাটো প্ৰয়োজন যে, বৃটিছ শাসন কালৰে পৰা বিশেষ প্ৰাধান্য লাভ কৰা তদানীন্তন বৰপেটা আৰু বৰ্তমানৰ বজালী জিলাৰ অন্তৰ্গত এক বৃহৎ গ্ৰাম্যাঞ্চল সামৰি পাটাছাৰকুছিত মফচলীয় সাংবাদিকতাৰ ৭১ বছৰ পূৰ্ণ হ'ল৷ সংবাদ সেৱাৰ ইতিহাসত এয়া এক গৌৰৱোজ্বল পৃষ্ঠা ৰূপে নিশ্চিত ৰূপত চিহ্নিত হ'ল৷ অঞ্চলটোৰ পৰা কেবাগৰাকীও সাংবাদিকে সংবাদ সেৱাত ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিও অব্যাহত ৰাখিছে মফচলীয় সাংবাদিকতাৰ ধাৰা৷ পাটাছাৰকুছি দেট লাইনত নতুন অসমীয়া কাকতৰ যোগেদি ১৯৫৩ চনতেই সংবাদসেৱাৰ সূচনা কৰিছিল প্ৰাক্তন বিধায়ক ভূৱনেশ্বৰ বৰ্মনে ৷ বৰ্তমানো অব্যাহত আছে পাটাছাৰকুছিৰ পৰা সংবাদসেৱাৰ ধাৰা৷

মফচলীয় সাংবাদিকতাত পাটাছাৰকুছিৰ গৌৰৱময় ৭১ বর্ষপূর্তি অনুষ্ঠান...
'ড্ৰাইভ শ্ল'' প্লে-কাৰ্ড লৈ কাজিৰঙাৰ ৰাজপথত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in