সক্ৰিয় ফ্লাইং স্কোৱাডঃ জব্দ প্ৰায় ১০২ কোটি টকা

সক্ৰিয় ফ্লাইং স্কোৱাডঃ জব্দ প্ৰায় ১০২ কোটি টকা

author-image
Asomiya Pratidin
New Update
সক্ৰিয় ফ্লাইং স্কোৱাডঃ জব্দ প্ৰায় ১০২ কোটি টকা

ডিজিটেল ডেস্কঃ সমাগত লোকসভা সাধাৰণ নিৰ্বাচনৰ বাবে সমগ্ৰ দেশতেই চলিছে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। সমান্তৰালকৈ অসমতো সমষ্টিয়ে সমষ্টিয়ে বলিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী বতাহ।

Advertisment

আগন্তুক লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসন তৎপৰ হৈ পৰিছে। ইয়াৰ অংশ হিচাপে গঠিত ফ্লায়িং স্কোৱাডৰ দল সমূহে বিভিন্ন স্থানত ক্ষিপ্ৰতাৰে অভিযান চলাই আছে। বিগত সময়চোৱাত ফ্লায়িং স্কোৱাডৰ অভিযান কালত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ১০২কোটি টকা নগদ ধন, সুৰা আৰু ড্ৰাগছ জব্দ কৰিছে।

উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ত কোনো ব্যক্তিয়ে পঞ্চাশ হাজাৰৰ অধিক নগদ ধন বৈধ নথিপত্ৰ অবিহনে সৰবৰাহ কৰিব নোৱাৰে। 

নির্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পাছতে প্ৰতিটো লোকসভা সমষ্টিত তিনিটা ফ্লায়িং স্কোৱাডসমূহ গঠন কৰা হৈছে । ফ্লায়িং স্কোৱাডত এজন কাৰ্যবাহী দণ্ডাধীশ, এজন জ্যেষ্ঠ আৰক্ষী বিষয়া, সশস্ত্ৰ আৰক্ষী বিষয়াৰ লগতে ভিডিঅ'গ্ৰাফাৰ ৰখাৰ ব্যৱস্থা কৰা হৈছে ।

Also Read: দুৰ্ঘটনা নে আত্মহত্যা! PGৰ দ্বিতীয় মহলাৰ পৰা পৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

money seized flying squad election