নেহৰুবালিত বসন্ত উৎসৱৰ সামৰণিঃ পাপনৰ গীতত মুগ্ধ দৰ্শক..

নেহৰুবালিত বসন্ত উৎসৱৰ সামৰণিঃ পাপনৰ গীতত মুগ্ধ দৰ্শক..

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'সৃষ্টি'ৰ উদ্যোগত নগাঁৱৰ নেহৰুবালিত শনিবাৰে নিশা ২১ সংখ্যক বসন্ত উৎসৱ অনুষ্ঠিত হয়। সাংস্কৃতিক কাৰ্যসূচীত শিল্পী অংগৰাগ পাপন মহন্তৰ গীতৰ অনুষ্ঠানে হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰে।

প্ৰায় ৪ ঘন্টা সময় অবিৰতে ভাৱে মঞ্চত সহ শিল্পীৰ সৈতে গীত পৰিবেশন কৰা শিল্পী অংগৰাগ পাপন মহন্তই তেওঁৰ প্ৰয়াত পিতৃ-মাতৃ ক্ৰমে খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ স্মৃতি ৰোমন্থন কৰি কেইবাটাও গীত পৰিবেশন কৰে।

আনহাতে অনুষ্ঠানৰ মাজতে শিল্পী পাপনে নগাঁও জিলাৰ জাজৰি গজলা সত্ৰৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে নিউ আমোলাপট্টিত থকা প্ৰয়াত পিতৃ খগেন মহন্তৰ পৰিয়ালৰ লোকসকলৰ সৈতে তেওঁ অতিবাহিত কৰা শৈশৱ -কৈশোৰ আৰু যৌৱনৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে। শিল্পী পাপনে নেহৰুবালিত প্ৰাণ ঢালি গীত পৰিবেশন কৰি দৰ্শকক মুগ্ধ কৰে।

আনহাতে সৃষ্টি ৰ অন্যতম উদ্যোক্তা বিধায়ক ৰূপক শর্মাৰ সংস্কৃতিবান কৰ্মৰাজীক শিল্পী পাপনে ৰাজহুৱাকৈ প্ৰশংসা কৰে।বৈদ্যুতিন মাধ্যমৰ এংকৰ ইভা মহন্তই অনুষ্ঠানৰ আঁত ধৰে। অনুষ্ঠানত নগাঁৱৰ নৃত্য শিল্পী গৌৰৱ হাজৰিকাৰ পৰিচালনাৰে নৃত্যকলা শিক্ষা প্রতিষ্ঠান 'সূত্ৰধাৰ'ৰ শিল্পী সকলে আমাৰ নগাঁও আমাৰ গৌৰৱ শীৰ্ষক নৃত্য নাটিকাখন প্ৰদৰ্শন কৰে।

বসন্ত উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পী ৰাজশ্ৰী শ‌ইকীয়াই গীত পৰিবেশন কৰাৰ লগতে চলিত বৰ্ষত গুৱাহাটীৰ লতাশিল বিহু উৎসৱত 'বিহু সামজ্ঞী' খিতাপ অৰ্জন কৰা শিৰোশ্ৰী শ‌ইকীয়াৰ দলে বিহু নৃত্য প্ৰদৰ্শন কৰে। আনহাতে কলঙৰ বাকৰি নেহৰুবালিত বসন্ত উৎসৱৰ কাৰ্যসূচীত ২০০৯ চনৰ পৰাই এগৰাকী প্ৰচাৰ বিমুখ তথা চহা শিল্পীক তেওঁৰ বিৰল কৰ্মৰাজীক ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে 'কলংপৰীয়া শিল্পী বঁটা' প্ৰদান কৰি অহা হৈছে। কালি নিশা অনুষ্ঠিত 'বসন্ত উৎসৱ'ৰ কাৰ্যসূচীত নগাঁও জিলাৰ ৰাইডঙীয়া অঞ্চলৰ ১০২ বছৰ অতিক্রমী সত্ৰীয়া- সংস্কৃতিৰ সাধক চহা শিল্পী বিহুৰাম শইকীয়াক চলিত বৰ্ষৰ কলংপৰীয়া শিল্পী বঁটা' প্ৰদান কৰা হয়।

উল্লেখ্য যে গায়ন,বায়ন, সুত্ৰধাৰকে ধৰি সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত বৰ্ষীয়ান শিল্পী বিহুৰাম শ‌ইকীয়া বৰ্তমানেও সত্ৰীয়া-সংস্কৃতিৰ সৈতে জড়িত হৈ আছে। কালি বঁটা গ্ৰহণ পৰি উৎসাহিত হৈ পৰা বৰ্ষীয়ান সত্ৰীয়া-সংস্কৃতিৰ সাধক গৰাকীয়ে মঞ্চত খোল বাদন কৰি দৰ্শকক মুগ্ধ কৰে ।

আনহাতে বসন্ত উৎসৱৰ সাংস্কৃতিক কার্যসূচীত সদ্য ঘোষিত সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা নগাঁৱৰ সন্তান ভাস্বত শইকীয়া, চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান প্ৰাপ্ত নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰী দেৱাশ্ৰী কাশ্যপ আৰু মিচেছ ভগ' ষ্টাৰ ইণ্ডিয়া-২০২৪ খিতাপ অৰ্জন কৰা পৰী বৰকাকতি আৰু এক মিনিটত সর্বাধিক ৩১ টা যোগাসন প্ৰদৰ্শনেৰে 'ইণ্ডিয়া বুক অব ৰেকৰ্ডছ'ত স্থান লাভ কৰা নগাঁৱৰ ভোটাইগাঁও অঞ্চলৰ মেধাৱী ছাত্ৰী ডঁৰিয়লি কৌশিক ভাগৱতীক সৃষ্টিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

নেহৰুবালিত বসন্ত উৎসৱৰ সামৰণিঃ পাপনৰ গীতত মুগ্ধ দৰ্শক..
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ মানকাচৰত অন্তিম নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in