সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত ৰঙালী উৎসৱ উদযাপন..

সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত ৰঙালী উৎসৱ উদযাপন..

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ সহযোগত দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী উৎসৱ অনুষ্ঠিত কৰা হয়। ঐতিহ্যমণ্ডিত শান্তিজানৰ পাৰত অৱস্থিত বটদ্ৰৱা সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাই। বন্তি প্ৰজ্বলন কৰে দীপেন বৰুৱাই।

বিয়লি ২ বজাত ছবি অঁকা প্ৰতিযোগিতা,৩ বজাত ভেশছন প্ৰতিযোগিতা আৰু বিয়লি ৪ বজাত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা উদ্বোধন কৰে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই। সাদিন প্ৰতিদিন গোষ্ঠীৰ সংবাদিক দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা আকৰ্ষণীয় ডিজিটেল কুইজ প্ৰতিযোগিতাৰ পাছত সন্ধিয়া ৬ বজাত আৰম্ভ হয় সদৌ অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতা।

উদ্বোধন কৰে সৰ্বভাৰতীয় কথা বঁটাৰে সন্মানিত গল্পকাৰ শিৱানন্দ কাকতিযে।উদযাপন সমিতিৰ হৈ কাৰ্যকৰী সভাপতি জোনমণি ভূঞা আৰু সম্পাদক সুনিল বৰুৱাই আঁত ধৰা সমগ্ৰ কাৰ্যসূচীত তুৱাৰাম বৰুৱা, মীনা বৰুৱা, ৰাতুল বৰা, চম্পা কলিতা, হিমেস্বৰ দাস, দীপক কৰ, দিলীপ গোস্বামী, পংকজ কলিতা, প্ৰণৱ জ্যোতি কলিতা, কমল শইকীয়া, দীপমনি বৰুৱা, অনিল কলিতা, অচ্যুত কলিতাকে আদি কৰি বটদ্ৰৱা অঞ্চলৰ সহস্ৰাধিক লোক উপস্থিত থাকে।

সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত ৰঙালী উৎসৱ উদযাপন..
কোকৰাঝাৰত নাচি বাগি জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in