/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e1587c2e-821e-4405-823c-2b62d82a6a37/oo.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ দেওবাৰে ফকিৰাগ্ৰামত অনুষ্ঠিত হোৱা এনডিএৰ বিশাল বিজয় সংকল্প সমাৱেশত হিলদল ভাঙি ওলাই আহে সাধাৰণ জনতা। মূলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ কাষৰ পৰা চাবলৈ ফকিৰাগ্ৰাম আজি লোকে লোকাৰণ্য হৈ পৰে। মহিলাসকলে শংখ বজাই মুখ্যমন্ত্ৰীক বিপুল আদৰণি জনায়। সভাৰ মাজত অহা বৰষুণত তিতি-বুৰি মুখ্যমন্ত্ৰীয়ে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। সভাত মুখ্যমন্ত্ৰীয়ে ফকিৰাগ্ৰামবাসীক তিনিটা প্ৰতিশ্ৰুতি প্ৰদান কৰে। ক্ৰমে ফকিৰাগ্ৰামত ৰে'লৱে অভাৰব্ৰীজ নিৰ্মাণৰ লগতে ফকিৰাগ্ৰাম ৰে'ল ষ্টেচনত কেবাখনো ৰে'ল ৰখোৱাৰ প্ৰতিশ্ৰুতি,ফকিৰাগ্ৰামৰ বাট-পথ উন্নয়ন আৰু গৌৰাং নদীৰ গৰাখহনীয়া ৰোধ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে।
ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, "কটা হাতৰ দাম নাই, নাঙলৰ কাম নাই।বিপিএফ চৰকাৰ এতিয়া বিটিচিতো নাই,ৰাজ্যতো নাই আৰু সেয়েহে বিপিএফৰ কাম নাই।আজিকালি বিটিচিত বন্দুক নচলে,বোমা নুফুটে,ইয়াত এতিয়া সকলো জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰিব পাৰিছে। এইটো সম্ভৱ হৈছে কাৰণ কেন্দ্ৰত নৰেন্দ্ৰ মোডী আছে, দিছপুৰত মামা আছে আৰু বিটিচিত প্ৰমোদ বড়ো আছে ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a9684821-99c3-428c-8431-90b26b7bade2/e44bbbb5_abe3_4ca7_8bfa_60be1e342284.jpg)
স্থায়ী শান্তি ধৰি ৰখাৰ বাবে এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহ্বান জনাই নিজ ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতিৰ বন্যা বিয়পায়। তেওঁ কয় যে অনাগত সময়ছোৱাত প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় আঁচনি দিয়া হ'ব। যিসকলে লাখপতি বাইদেউ আবেদনপত্ৰ পুৰণ কৰিছে তেওঁলোকৰ একাউণ্টত প্ৰথমে সোমাব ১০ হাজাৰ টকা সোমাব। সেই ১০ হাজাৰ টকা সদ ব্যৱহাৰ কৰিলে পুণৰাই ২৫ হাজাৰ টকা সোমোৱাই দিয়া হ'ব বুলি মন্তব্য কৰি চলিত বৰ্ষতে পুণৰাই ৫০ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিয়া হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।
তদুপৰি জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব আৰু এটকাও দালালক নিদিয়াকৈ বিনা পইচাই নিবনুৱাসকলে চাকৰি পাব বুলি ভাষনত উল্লেখ কৰে।যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনে প্ৰাৰ্থীক দহ নম্বৰ অতিৰিক্তকৈ দিয়া হ'ব বুলি মন্তব্য কৰি ড° হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডৰ সমস্যা ছমাহৰ ভিতৰত সমাধান হ'ব বুলি জানিব দিয়ে। লগতে তেওঁ কয় যে,কলেজত নামভৰ্তি কৰা ছাত্ৰীসকলৰ একাউণ্টত ১০ হাজাৰ টকাকৈ দিয়া হ'ব।
ইপিনে সভাৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে,ফকিৰাগ্ৰামত আজি প্ৰচণ্ড বৰষুণৰ মাজতে প্ৰায় আধাঘণ্টা ধৰি জনতাই নাচিলে,ভাষণ শুনিলে আৰু ইয়ে প্ৰমাণ কৰে যে ফকিৰাগ্ৰামৰ জনতাই পুনৰাই প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীকে বিচাৰিছে। আজিৰ জনসভাই প্ৰমাণ কৰিলে যে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ৩ লাখ ভোটৰ ব্যৱধানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হ'ব। সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত মুখ্যমন্ত্ৰীয়ে কয় যে বিৰোধী দলে আসন লাভ কৰিব বুলি কৰা দাবীৰ কোনো ভিত্তি নাই।তেওঁলোকৰ সভাত ১০ হাজাৰো জনতা উপস্থিত নাথাকে,কোনো টিভিতো নোলায় ।
সংখ্যালঘু জনতা বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে আৰু অহাবাৰ বেছি সংখ্যকে আকৰ্ষিত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। কৰিমগঞ্জ আৰু নগাঁৱত বিৰোধীৰ পৰা প্ৰত্যাহ্বান পোৱা গৈছে যদিও যোৰহাটত কোনো বিৰোধীৰ পৰা প্ৰত্যাহ্বান নাছিল আৰু সেয়া আমাৰ নিজৰ ছীট বুলি মন্তব্য কৰি দৰং -ওদালগুৰীত বিজেপি জয়ী হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4375ba10-5feb-4973-ad1b-9a38c2629264/a2879e72_9f73_4807_96ad_9c7976882229.jpg)
উল্লেখ্য যে আজিৰ সভাত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে নিজৰ ভাষণত কয় যে, তেওঁ জীৱনত বহু উৎসৱ দেখিছে কিন্তু ড° হিমন্ত বিশ্ব শৰ্মা আহিলেই যি উৎসৱময় পৰিৱেশ হয় সেয়া বিৰল।মুখ্যমন্ত্ৰীৰ বাবেই বিটিআৰত শান্তি ঘূৰি আহিল আৰু এতিয়া সকলো জাতি-জনগোষ্ঠীয়ে একতা -ভাতৃত্ববোধেৰে বিটিআৰত বসবাস কৰি আছে বুলি মন্তব্য কৰে। আজিৰ সভাত মন্ত্ৰী ক্ৰমে অশোক সিংহল,ৰঞ্জিত দাস,উৰ্খাও গৌৰা ব্ৰহ্ম,বিধায়ক লৰেঞ্চ ইছলাৰী,বিটিচিৰ কেবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত থকাৰ লগতে প্ৰায় ২০ হাজাৰ সাধাৰণ জনতা উপস্থিত আছিল।