/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/30e03e08-00f8-44fc-ad45-415c23e20b89/Rongan.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক “ৰণাংগন সন্মান’’ প্ৰদান কৰি আহিছে ৷ ২০২২ বৰ্ষৰ “ৰণাংগন সন্মান’’ অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শ স্বৰূপ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হোৱাৰ উপৰিও অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হ'ব।
ৰাষ্ট্ৰীয় অজুৰ্ন বঁটা, মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় বস্কিং এচ’চিয়েচনৰ এথলীট কমিটিৰ অধ্যক্ষ আৰু ভোটিং মেম্বাৰ হিচাপে নিৰ্বাচিত লাভলীনা বৰগোহাঁইক অহা ১০ এপ্ৰিলৰ দিনৰ ১১ বজাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই সন্মানেৰে সন্মানিত কৰিব বুলি জানিবলৈ দিয়ে। মাহেকীয়া বাৰ্তালোচনী আৰু সাপ্তাহিক বাতৰি কাকত ‘ৰণাংগন’ৰ সম্পাদক মিণ্টু দাস আৰু ৰণাংগন প্ৰকাশনৰ পৰিচালন সম্পাদক সঞ্জীৱ বৰাই বাতৰি কাকতলৈ প্ৰেৰণ কৰা প্ৰেছ বাৰ্তা মতে, বঁটা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থকিব।
তদুপৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ-পূৱ প্ৰান্তৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আদি কৰি কেইবাজনো ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।
এই ৰণাংগন বঁটাত আছে এটি স্মাৰক, প্ৰশস্তি পত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু ১০ হেজাৰ টকাৰ ধনৰ টোপোলা ৷ উল্লেখ্য যে, দুগৰাকী বৰেণ্য ব্যক্তিক “ৰণাংগন সন্মান’’ প্ৰদান কৰিছে ৷ সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত হোমেন বৰগোহাঞিদেৱে ২০২০ চনত আৰু সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বলিষ্ঠ লেখিকা ৰীতা চৌধুৰীয়ে ২০২১ চনৰ ৰণাংগন সন্মান লাভ কৰিছে৷
Also Read: গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত আজি অংশ ল'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে...