গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত আজি অংশ ল'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে...

৮ তাৰিখে প্ৰথম পৰ্যায়ত মহাৰজত জয়ন্তী অন্ত পৰিব যদিও এই অনুষ্ঠান আনুষ্ঠানিকভাৱে ১৪ এপ্ৰিলতহে সামৰণি পৰিব।
গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত আজি অংশ ল'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে...

ডিজিটেল ডেস্কঃ ৭৫ বছৰ হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। সেই উপলক্ষে অনুষ্ঠিত হৈ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী। ৫ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ প্ৰথমদিনা উপস্থিত থাকে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰন ৰিজিজু, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ আইন মন্ত্ৰী ৰঞ্জিত দাস আদি বিশিষ্ট ব্যক্তি সকল।

প্ৰথম দিনাই ডাক বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ছবি সন্নিবিষ্ট এক ডাক টিকতো মুকলি কৰে। ৬ এপ্ৰিলত দ্বিতীয় দিনা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। সেইদিনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ন্যায়ধীশ সকলক সম্বোৰ্ধনা জনোৱা হয়।

অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা, অজিত সিং, উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী অসমীয়া ন্যায়ধীশ মুকুন্দকাম শৰ্মা আদিকে ধৰি ভালেকেইগৰাকী প্ৰাক্তন ন্যায়ধীশ এই অনুষ্ঠানত উপস্থিত আছিল। নিশালৈ অনুষ্ঠিত হয় সাংস্কৃতিক কাৰ্যসূচী।

৭ এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই অনুষ্ঠানত আৱেলি ৪.৩০ বজাত অংশ ল'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড় উপস্থিত থাকিব। প্ৰায়বোৰ অনুষ্ঠানতে উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ সন্দীপ মেহতা।

৮ তাৰিখে প্ৰথম পৰ্যায়ত মহাৰজত জয়ন্তী অন্ত পৰিব যদিও এই অনুষ্ঠান আনুষ্ঠানিকভাৱে ১৪ এপ্ৰিলতহে সামৰণি পৰিব। কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া উক্ত সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ ল'ব।

গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত আজি অংশ ল'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে...
কামপুৰৰ কাকতিগাঁৱত পথৰ দুৰৱস্থা, বিধায়কৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in