নগাঁও প্ৰেছ ক্লাৱত ৰ'দালী বৰুৱাৰ কবিতা পুথি উন্মোচন...

নগাঁও প্ৰেছ ক্লাৱত ৰ'দালী বৰুৱাৰ কবিতা পুথি উন্মোচন...

author-image
Asomiya Pratidin
New Update
নগাঁও প্ৰেছ ক্লাৱত ৰ'দালী বৰুৱাৰ কবিতা পুথি উন্মোচন...

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও প্ৰেছ ক্লাবত মঙলবাৰে উন্মোচন হয় নৱ প্ৰজন্মৰ কবি ৰ'দালী বৰুৱাৰ প্ৰথম কবিতা পুথি "জীয়াই থকাৰ মালিতা" শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচনৰ এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে জনপ্ৰিয় কবি, অভিনেতা, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাস।

Advertisment

কবিতা পুথিখন উন্মোচন কৰি তেখেতে কয়, "লিখিবলৈ কিতাপ পঢ়িব লাগিব। ভাল ভাল কবিৰ ভাল ভাল কিতাপ পঢ়িব লাগিব। তদুপৰি কবিতা লিখিবলৈ সময়, সমাজ আৰু মানুহ অধ্যয়ন কৰিব লাগিব।" উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে ৰেণেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী সুবাসনা কাশ্যপ আৰু ময়ূখী বেজবৰুৱাই এটি গীত পৰিৱেশন কৰি মঞ্চ উদ্বোধন কৰে।

অনুষ্ঠানত গল্পকাৰ শিৱানন্দ কাকতি, নগাঁও প্ৰেছ ক্লাবৰ সম্পাদক নীলোৎপল বৰা, চলচ্চিত্ৰ পৰিচালক, সমালোচক পাৰ্থজিৎ বৰুৱা অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰ তথা গীতিকাৰ প্ৰাঞ্জল কুমাৰ মহন্তই।

Also Read: চিত্রশিল্পী মুবিন ৰাভালৈ 'নিশান্ত কাশ্যপ যুৱ মেধা বঁটা'...

Nagaon Press Club book published