/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fc79525a-1c13-45e4-b99a-af98f676af51/ACCIDENT_1.jpg)
নগাঁৱৰ গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন, আহত দুজন...
ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ ইটাচালি নগৰ আৰক্ষী চকীৰ অন্তৰ্গত তথা বঢ়মপুৰ গোমোঠাগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত আৰু আন দুজন লোক আহত হয় ৷
জানিব পৰা মতে, পুৰণিগুদামৰ পৰা নগাঁও চহৰ অভিমুখী AS 02A J 9288 নম্বৰৰ তীব্ৰবেগী বুলেট বাইক এখনে AS 02 A8605 নম্বৰৰ স্কুটীখনক খুন্দা মৰাৰ ফলত স্কুটী আৰোহীগৰাকী গুৰুতৰভাৱে আহত হয়। পিছত স্কুটী আৰোহী মৰঙীয়াল গাঁও নিবাসী সৰবৰহী যুৱক, ফাৰ্মাচী ব্যৱসায়ী লোহিত বৰাৰ চিকিৎসালয়ত মৃত্যু হয় ৷
ইফালে বুলেটখনত অহা আন দুজন যুৱকো আহত হোৱাত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি জানিব পৰা গৈছে।
Also Read: 'অসমীয়া প্ৰতিদিন'ৰ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয় পৰিদৰ্শন সঞ্চালক ঋষি বৰুৱাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us