নগাঁৱৰ মৰিকলঙত পথ দুৰ্ঘটনা : থিতাতে নিহত যুৱক...

নগাঁৱৰ মৰিকলঙত পথ দুৰ্ঘটনা : থিতাতে নিহত যুৱক...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ মৰিকলঙত পথ দুৰ্ঘটনা : থিতাতে নিহত যুৱক...

নগাঁৱৰ মৰিকলঙত পথ দুৰ্ঘটনা : থিতাতে নিহত যুৱক...

ডিজিটেল সংবাদ নগাঁও: নগাঁও চহৰৰ গাতে লাগি থকা মৰিকলঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুত্বৰ ভাবে আহত হয়।

Advertisment

নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ অন্তৰ্গত মৰিকলং প্ৰগতি লাইব্ৰেৰীৰ ওচৰত পুৰণি ৩৬ নং ৰাষ্ট্ৰীয় পথত এই দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এ এছ-০২ বি চি- ৩১৬০ বাণিজ্যিক মিনি বাহনখনে এই দুৰ্ঘটনা সংঘটিত কৰে।

এ এছ-০২ এন- ৬০৮২ নম্বৰৰ স্কুটিখনক বাহনখনে খুন্দা মৰাত স্কুটিৰ চালক যুৱকজন থিতাতে নিহত হয় আৰু স্কুটিত যোৱা আনজন যুৱক গুৰুতৰভাবে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনে মহতিয়াই নিয়াৰ ফলত বাহনখনৰ সন্মুখৰ নিম্নাংশত স্কুটিসহ আবদ্ধ হৈ পৰে নিহত যুৱকজন।

ইপিনে আনজন যুৱক চিটিকি পৰি গুৰুতৰ ভাবে আহত হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় একাংশ লোক আৰু ব'লবম যাত্ৰী ঘটনাস্থলীত উপস্থিত হয়। লগে লগে তেওঁলোকে মৰিকলং আৰক্ষী চকীৰ আৰক্ষী আৰু নগাঁৱৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক খবৰ দিয়ে ।

লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰাৰ লগতে গুৰুতৰভাবে আহত যুৱকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে। নিহত যুৱকজন হ'ল নগাঁৱৰ পলাশনি গাৱৰ নবজ্যোতি কেওট আৰু গুৰুতৰভাবে আহত যুৱকজন হ'ল জয়ন্ত শইকীয়া।

সম্প্ৰতি জয়ন্ত শইকীয়া চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখনৰ চালকজনে পলায়ন কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত নৱজ্যোতিৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে।

যুৱজনৰ মৃতদেহ পলাশনিৰ বাসগৃহ আহি পোৱাৰ লগে লগে তেওঁৰ পৰিয়ালটো শোকত ভাগি পৰে আৰু অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। সৰবৰহী যুৱক নৱজ্যোতি কেওটৰ অকাল মৃত্যুত সমগ্র পলাশনিতে শোঁকৰ ছাঁ পৰিছে।

Also Read: 'কথা-আৰণ্যক'ৰ মুখ্য উপদেষ্টা পদ্ম গগৈক বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা..

পথ দুৰ্ঘটনা