'কথা-আৰণ্যক'ৰ মুখ্য উপদেষ্টা পদ্ম গগৈক বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা..

'কথা-আৰণ্যক'ৰ মুখ্য উপদেষ্টা পদ্ম গগৈক বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা..
'কথা-আৰণ্যক'ৰ মুখ্য উপদেষ্টা পদ্ম গগৈক বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা..

ডিজিটেল সংবাদ কাজিৰঙাঃ আলোচনী সংগঠন কথা-আৰণ্যকৰ মুখ্য উপদেষ্টা পদ্ম গগৈক আজি বোকাখাত মহকুমা প্ৰশাসনে সম্বৰ্দ্ধনা জনায়৷ সমাজলৈ আগবঢ়োৱা বিভিন্ন অৱদানৰ বাবে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি পদ্ম গগৈক প্ৰশাসনৰ তৰফৰ এই সম্বৰ্দ্ধনা প্ৰদান কৰা হয়৷

বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বোকাখাতৰ নৱনিযুক্ত মহকুমাধিপতি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া চিমি কৰণে বয়োজ্যেষ্ঠ নাগৰিকগৰাকীক সম্বৰ্দ্ধনা প্ৰদান কৰে৷ সম্বৰ্ধনা অনুষ্ঠানত আজি স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত বোকাখাতৰ বিভিন্ন ক্ষেত্ৰত নিজক প্ৰতিষ্ঠিত কৰা ১৩ গৰাকী ব্যক্তিলৈ আৰু এটা আত্মসহায়ক গোটক সম্বৰ্ধনা জনোৱা হয়।

সাহিত্যিক ৰূপে সদ্যপ্ৰয়াত ভৱেশ শইকীয়া, ক্রীড়াৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা চেত্ৰী আৰু ৰাণু দলে, কৃষক হৰেণ পেগু, শিক্ষয়িত্ৰী নন্দিতা ৰাজপুত, পুৱতি চুতীয়া আত্মসহায়ক গোট, আশাকৰ্মী পুষ্পা মৰাং, সাংস্কৃতিক কৰ্মী ধনীৰাম দত্ত, সাংবাদিক ধৰ্মেশ্বৰ হাজৰিকা, অংগনবাড়ী কৰ্মী বীণা গগৈ, সমাজকৰ্মী অসমী দাস, জীৱিকা সখী পিংকী তাঁতী, বেংক সখী ববিতা ছেত্ৰীক স্বাধীনতা দিৱস উপলক্ষে আজি সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুক্তভাৱে হাত উজান দিছে সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাত বোকাখাতৰ উন্নয়নো তৰান্বিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তদুপৰি, ৰেল সংযোগেৰে বোকাখাতক সামৰি লোৱাৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে সম্বৰ্ধিত ব্যক্তিসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে ১৯৪৭ চনত দেশ বিভাজনৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাবলগা হৈছিল আৰু লাখ লাখ লোকে নিজৰ শিপাৰ পৰা স্থানচ্যুত হৈছিল।

এই লোকসকলৰ অবৰ্ণনীয় ত্যাগক স্মৰণ কৰিবলৈ প্ৰতি বছৰে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয়। অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই দেশ বিভাজনৰ সময়ত সৰ্বস্ব হেৰুৱাই চৰম দুখ আৰু দুৰ্দশাৰ সন্মুখীন হোৱা লোকসকলক স্মৰণ কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

'কথা-আৰণ্যক'ৰ মুখ্য উপদেষ্টা পদ্ম গগৈক বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা..
হাটশিঙিমাৰীত জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ত্ৰিৰঙ্গা ৰেলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in