কলিয়াবৰৰ মিছাত ৩ খন বাহনৰ সংঘৰ্ষঃ থিতাতে নিহত ২ জন...

কলিয়াবৰৰ মিছাত ৩ খন বাহনৰ সংঘৰ্ষঃ থিতাতে নিহত ২ জন...

author-image
Asomiya Pratidin
New Update
নলবাৰীৰ হৰিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত...

কলিয়াবৰৰ মিছাত ৩ খন বাহনৰ সংঘৰ্ষঃ থিতাতে নিহত ২ জন...

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰৰ মিছাত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়। দুৰ্ঘটনাটোত একেলগে তিনি খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।

Advertisment

দুৰ্ঘটনাটোত নিহত লোক দুজনৰ এগৰাকী মিছাৰ মঞ্জু দেৱী জয়ছোৱাল বুলি জানিব পৰা গৈছে । আনগৰাকী লোক এ এছ ২১ এচি০১৮৩ নম্বৰৰ মহিদ্ৰ পিক আপ বাহনৰ চালক বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, এন এল ০১ এন ৩০৯৪ নম্বৰৰ ট্ৰাকখনে দুগৰাকী মহিলাৰ লগতে কেইবাজনক মিছাৰ চাৰিলেণ্ড যুক্ত পথৰ পৰা মহতিয়াই নিয়াত থিতাতে নিহত হয় মঞ্জু দেৱী জয়ছোৱাল নামৰ মহিলা গৰাকী । আনহাতে ট্ৰাকখনে প্ৰথমতে পথৰ কাষত থকা আন দুখন ব'লেৰ পিকআপ আৰু ডি আই বাহনক খুন্দিয়াই দুৰ্ঘটনাটো সংঘটিত কৰে ।

দুৰ্ঘটনাত পতিত বাহন তিনিওখনৰ নম্বৰ ক্ৰমে এএছ ০২ এ চি ৬৫০৯, এন এল ০১ এন ৩০৯৪ আৰু এ এছ ২১ এচি ০১৮৩। ইফালে আহত আন এগৰাকী মহিলাক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Also Read: এবছৰত ১০৭ গৰাকী আলফা সদস্যক আটক কৰিলে নিৰাপত্তাৰক্ষীয়ে...

পথ দুৰ্ঘটনা কলিয়াবৰ