এবছৰত ১০৭ গৰাকী আলফা সদস্যক আটক কৰিলে নিৰাপত্তাৰক্ষীয়ে...

এবছৰত ১০৭ গৰাকী আলফা সদস্যক আটক কৰিলে নিৰাপত্তাৰক্ষীয়ে...

author-image
Asomiya Pratidin
New Update
এবছৰত ১০৭ গৰাকী আলফা সদস্যক আটক কৰিলে নিৰাপত্তাৰক্ষীয়ে...

এবছৰত ১০৭ গৰাকী আলফা সদস্যক আটক কৰিলে নিৰাপত্তাৰক্ষীয়ে...

ডিজিটেল ডেস্কঃ ২০২২ চনৰ  জানুৱাৰীৰ পৰা বৰ্তমানলৈকে উজনি অসমত ১০৭ গৰাকী আলফা (স্বাধীন)ৰ কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে নিৰাপত্তাৰক্ষী। আনহাতে জব্দ কৰিছে ৬০ টা বিভিন্ন মাৰনাস্ত্ৰ।

Advertisment

প্ৰতিৰক্ষা বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত সবিশেষ তথ্য আগবঢ়াইছে। নাম প্ৰকাশত অনিচ্ছুক এইগৰাকী বিষয়াই জনোৱা অনুসৰি বিগত এটা বছৰত  মুঠ ২২ জন আলফা (স্বাধীন)ৰ সদস্য মূল সুঁতিলৈ ঘুৰি আহিছে।

আনহাতে ৬৪ জন যুৱকক আলফাত যোগদান কৰাত বাধা আৰোপ কৰিছে। বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি যোৱা এটা বছৰত নিৰাপত্তাৰক্ষীয়ে অসমৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ প্ৰচেষ্টা চলাই আছে।

উজনি অসমৰ কিছুমান বিশেষ অঞ্চলত আলফা (স্বাধীন)-এ এতিয়াও কুটাঘাতমূলক কাৰ্য কলাপ চলাই আছে। আলফাৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে এইদৰে সফলতা লাভৰ মূলতে চৰকাৰৰ উন্নয়নমূলক কাৰ্যকলাপ বুলিও উল্লেখ কৰিছে এই বিষয়াগৰাকীয়ে।

Also Read: আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে ভৱেশ কলিতাইঃ জিতুল ডেকা

আলফা