চামগুৰিত পথ দুৰ্ঘটনাত কৰ্তব্যৰত নিৰ্বাচনী বিষয়াৰ মৃত্যুঃ কেইবাজনো আহত...

ৰৈ থকা ট্ৰাকত খুন্দা মাৰে নিৰ্বাচনী বিষয়া কঢ়িয়াই নিয়া মেক্সিমো বাহনে
চামগুৰিত পথ দুৰ্ঘটনাত কৰ্তব্যৰত নিৰ্বাচনী বিষয়াৰ মৃত্যুঃ কেইবাজনো আহত...
চামগুৰিত পথ দুৰ্ঘটনাত কৰ্তব্যৰত নিৰ্বাচনী বিষয়াৰ মৃত্যুঃ কেইবাজনো আহত...

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ চামগুৰিৰ হাহঁচৰা বৰালী গাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে নিৰ্বাচনী কাম-কাজত জড়িত এজন চৰকাৰী অভিযন্তা।

উল্লেখ্য যে আজি পুৱাই বৰালী গাঁৱৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত তীব্ৰ বেগী এখন মেক্সিমো বাহনে তীব্ৰ বেগত খুন্দা মৰাৰ ফলতে সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাগ্ৰস্ত মেক্সিমো গাড়ীখনৰ নম্বৰ এ এছ ০২ বি চি ৩৭৬৮।

দুৰ্ঘটনাৰ সময়ত এই বাহনখনত আছিল ৫ জনকৈ লোক। তেওঁলোক আটায়ে আছিল নিৰ্বাচনী কামত নিয়োজিত। এই পাঁচোজন লোকেই গুৰুতৰভাৱে আহত হয়। ইয়াৰে দুজন লোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে নগাঁৱৰ চামগুৰি আৰক্ষী আৰু স্থানীয় ৰাইজে।

আহতসকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় । জানিব পৰামতে ইয়াৰে জয়ন্ত ক্ৰ' নামৰ লোকজন নগাঁও মেডিকেল কলেজলৈ নিয়াৰ পথত মৃত্যু হয়। লোকসভা নিৰ্বাচনৰ ফ্লায়িং স্কোৱাডৰ বিষয়া আছিল জয়ন্ত।জয়ন্ত ক্ৰ' নগাঁৱৰ কঠিয়াতলি উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা। 

উল্লেখ্য এই যে, উক্ত স্হানতে দেওঁবাৰেও আন এক দুৰ্ঘটনা সংঘটিত হৈছিল । এই দুৰ্ঘটনাত আহত হৈছিল ১৮ জনকৈ লোক।

চামগুৰিত পথ দুৰ্ঘটনাত কৰ্তব্যৰত নিৰ্বাচনী বিষয়াৰ মৃত্যুঃ কেইবাজনো আহত...
জামুগুৰিহাটত গঁড়ৰ আক্ৰমণত নিহত এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in