এটা পথ দুৰ্ঘটনাই উন্মোচিত কৰিলে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা...

এটা পথ দুৰ্ঘটনাই উন্মোচিত কৰিলে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা...

author-image
Asomiya Pratidin
New Update
এটা পথ দুৰ্ঘটনাই উন্মোচিত কৰিলে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা...

এটা পথ দুৰ্ঘটনাই উন্মোচিত কৰিলে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা...

ডিজিটেল ডেস্কঃ নিশাৰ এন্ধাৰ নামি আহিলেই চামগুৰিত আৰম্ভ হয় অবৈধ কাৰোবাৰ। দীৰ্ঘদিন ধৰি উত্থাপিত হৈ অহা এই অভিযোগ সোমবাৰে প্ৰমাণ হয় এক পথ দুৰ্ঘটনাৰ পাছতে।

Advertisment

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া চামগুৰিৰ সোণাৰিবালিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ ৱাল ভাঙি দুৰ্ঘটনাত পতিত হয় এখন চাৰি চকীয়া বাহন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০১ এ টি ৮৭৭৭।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীতে বাহনখন এৰি পলায়ন কৰে চালকসহ আন দুজনকৈ আৰোহীয়ে। ইয়াৰ পাছতে স্থানীয় লোকে দুৰ্ঘটনাগ্ৰস্ত বাহনখন প্ৰত্যক্ষ কৰাত পোহৰলৈ আহে নিচাযুক্ত দ্ৰব্যৰ অবৈধ সৰবৰাহৰ বিষয়টো।

বাহনখনৰ উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যৰ বটল আৰু টেবলেট। এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাছতে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ লগতে বাহনখনত থকা নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰে।

অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত এই অবৈধ সৰবৰাহৰ সৈতে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষী তথা ৰাইজৰ সন্দেহ এই নিচাযুক্ত দ্ৰব্যখিনি চামগুৰিৰ পৰা ৰাজ্যৰ কোনো আন স্থানলৈ সৰবৰাহৰ অপচেষ্টা চলাইছিল।

Also Read: মণিপুৰত সোমবাৰে পুনৰ দুজনে হেৰুৱালে প্ৰাণ...

পথ দুৰ্ঘটনা চামগুৰি